NORTHEAST NOW (Assamese)
অসম

অনুসূচিত জাতি-জনজাতি তথা দলিত লোকসকলৰ বিৰুদ্ধে অত্যাচাৰ বিজেপি আৰু আৰ এছ এছৰ আদৰ্শ : প্ৰদ্যুৎ বৰদলৈ

Posted by: কল্পজ্যোতি শইকীয়া April 9, 2018 2:31 pm
40298498-8c7f-4659-be96-c554ab8ada48

‘দিল্লীত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা তেওঁলোকে আৰু তেওঁলোকৰ সহযোগী হিচাপে আৰ এছ এছে অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে ক্ৰমাগতভাৱে অত্যাচাৰ চলাই আহিছে। এইটোৱেই হৈছে বিজেপি চৰকাৰৰ মূল আদৰ্শ তথা নীতি।‘ আজি দিচপুৰস্থিত গণেশ উদ্যানত ৮ ঘণ্টীয়া অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি নৰ্থ ইষ্ট নাওক এই মন্তব্য প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।

দেশৰ ভিন্ন প্ৰান্তত অনুসূচিত জাতি-জনজাতি লোকসকলৰ ওপৰত কিছু সংখ্যক লোকে অত্যাচাৰ চলোৱাৰ অভিযোগ তোলাৰ লগতে সমগ্ৰ দেশতে মোদী চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰাৰ অভিযোগ তুলি লগতে যোৱা ২এপ্ৰিলত দেশজুৰি পালন কৰা ভাৰত বন্ধ কাৰ্য্যসূচীত কেইবাখনো বিজেপি শাসিত ৰাজ্যত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ গুলীত ৯ গৰাকীৰো অধিক প্ৰতিবাদকাৰীয়ে মৃত্যুক সাৱটি লোৱাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি ৰাজ্যৰ প্ৰত্যেক জিলাৰ সদৰত ৮ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে।

তদুপৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নৰ্থ ইষ্ট নাওক জনায় যে বিজেপি চৰকাৰে মুখেৰে এই লোকসকলৰ হৈ উন্নয়নৰ কথা কয় যদিও প্ৰকৃতাৰ্থত এয়া হৈছে ঘঁৰিয়ালৰ চকুপানী টোকাৰ লেখীয়া কথা। তাৰ বিপৰীতে বিজেপি চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে বৈষম্যমূলক কাম-কাজহে চলাই গৈছে। লগতে উচ্চতম ন্যায়ালয়ে অনুসূচীত জাতি-জনজাতিক লৈ যি নিৰ্দেশনা জাৰি কৰিছিল সেয়া অনুসুচিত জাতি-জনজাতি লোকসকলৰ স্বাৰ্থৰ পৰিপন্থী। যোৱা ২ এপ্ৰিলত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত ভাৰত বন্ধৰ আহ্বান জনোৱা প্ৰতিবাদকাৰীসকলৰ ৯ জনে মৃত্যুক সাবটি লৈছিল। ইয়াৰ প্ৰতিবাদতে সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে।‘

e37ccc14-67b3-4067-ab8f-45705e6ed3a8

আনহাতে, এই অনশন কাৰ্য্যসূচীতে অংশগ্ৰহণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়াৱে নৰ্থ ইষ্ট নাওক কয়, ‘অনুসুচিত জনজাতীয়লোকসকলে যোৱা ২ এপ্ৰিলত সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল, কিন্তু এই প্ৰতিবাদক মষিমূৰ কৰাৰ কাৰণে অধিকাৰ বিচাৰি যোৱা লোকসকলক গুলীয়াই হত্যা কৰিলে। যদি তেওঁলোকৰ লক্ষ্য হিন্দুত্ব আছিল তেন্তে তেওঁলোক তাতো সফল হোৱা নাই। কোটি কোটি হিন্দু সম্প্ৰদায়ৰ অনুসূচিত জাতি-জনজাতি লোকক তেওঁলোকে অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে।‘

‘মই আজি নৰ্থ-ইষ্ট নাওৰ জৰিয়তে অনুসূচিত জাতি-জনজাতিৰ লোকসকলক আহ্বান জনাব খুজিছো যে আগন্তুক দিনত বিজেপি দলৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে কোনো ৰাজনৈতিক-অৰাজনৈতিক দল হিচাপে নহয়, একত্ৰিত হৈ  প্ৰতিবাদ কৰিবৰ বাবে ওলাই আহক,’’- এনেদৰে কয় বড়োৱে।

পূৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্য্যসূচী বিয়লি ৪ বজালৈ  চলি থাকিব।

এই অনশন কাৰ্য্যসূচীত সভাপতি ৰিপুন বৰা, উপ সভাপতি প্ৰদ্যুৎ বৰদলৈ, মুখপাত্ৰ দৰ্গাদাস বড়ো, বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি অন্য বহুতো জ্যেষ্ঠ কংগ্ৰেছীৰ লগতে মহিলা কংগ্ৰেছেও অংশগ্ৰহণ কৰে।