NORTHEAST NOW (Assamese)
ভূটান

ভূটানত ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন; ডেকা শক্তিৰ চমকপ্ৰদ উত্থান

Posted by: দীপক কুমাৰ পাঠক April 21, 2018 9:47 pm
ভূটানত ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন; ডেকা শক্তিৰ চমকপ্ৰদ উত্থান

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ৰাষ্ট্ৰীয় পৰিষদ (এন চি)ৰ ৩য় নিৰ্বাচন কালি অৰ্থাত শুক্ৰবাৰে সুকলমে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত যুৱ শক্তিৰ চমকপ্ৰদ উত্থান দেখিবলৈ পোৱা যায়।

ভূটান চৰকাৰৰ নিৰ্বাচনী বিভাগৰ এক সূত্ৰমতে ভূটানৰ ৰজাক সহায়ৰ বাবে গঠিত ৰাষ্ট্ৰীয় পৰিষদখনৰ কাৰ্যকাল অহা মে’ মাহত উকলিব।

যাৰ পৰিপ্ৰেক্ষিতত দেশখনত কালি ৩য় ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন হয়।

এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ মুখ্য জিলা বিষয়া টী ছেৱাং ৰিনজিন(৫৪) ৰাজধানী চহৰ থিম্ফু সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছে। তেওঁৰ মুখ্য প্ৰতিদ্বন্দী টী ছকে দৰ্জীক ১৮১টা ভোটত পৰাস্ত কৰে।

জানিব পৰা মতে ৰিনজিনে ২১১৭ টা ভোট লাভ কৰাৰ বিপৰীতে দৰ্জীয়ে লাভ কৰিছিল ১৯৩৬ টা ভোট।

আনহাতে, সূত্ৰটোৱে জনোৱা মতে ৫,৬১৯ নিৰ্বাচনী বিষয়াই ৮৬৬ টা ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম যোগে এই ভোট গ্ৰহণ কাৰ্য্য সমাপন কৰিছিল।

কালিৰ এই ভোট গ্ৰহণত ভূটান আৰ্মী, ভূটান ৰয়েল পুলিচ, আৰু ৮৬৬ গৰাকী মহিলা সুৰক্ষা কৰ্মীয়ে সক্ৰিয় সহযোগিতা আগবঢ়াইছিল।