NORTHEAST NOW (Assamese)
অসম

ভেৰগাঁওত ‘কনকলতা মহিলা সৱলীকৰণ আঁচনি’ৰ সজাগতা সভা

Posted by: ছাজিদ খান June 21, 2018 9:53 pm
Awareness meet on Kanaklata Mahila Sabalikaran Achoni

আজি মহকুমা বিষয়াৰ (অসামৰিক) কাৰ্যালয়ৰ সমীপত থকা ভেৰগাঁও সাপ্তাহিক বজাৰ চৌহদত কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। গাঁও পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে আয়োজন কৰা এই সভাত উপস্থিত আত্ম সহায়ক গোটসমূহৰ মাজত চেক বিতৰণ কৰা হয়।

এই সভাখনত সভাপতিত্ব কৰিছিল পানেৰিৰ বিধায়িকা কমলী বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য লাওমশ্ৰাও বড়ো,  উপাধ্যক্ষ নেৰছন বড়ো, ভেৰগাঁওৰ মহকুমা বিষয়া (অসামৰিক)  দিঠকানন্দ হাজৰিকা, আৰু ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিলা আত্ম সহায়ক গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

বিধায়িকা কমলী বসুমতাৰীয়ে কয় যে মহিলাসকল আগবাঢ়ি আহিলেহে সমাজ প্ৰগতিশীল হ’ব।

তেওঁ আৰু কয় যে আত্ম সহায়ক গোটসমূহে মহিলাক আৰ্থিক স্বাৱলম্বিতা প্ৰদান কৰিছে।

আয়োজন কৰা বাৰ্তালাপ অনুষ্ঠানত আত্ম সহায়ক গোটসমূহৰ সদস্যাসকলে তেওঁলোকৰ আয়, উৎপাদনৰ উৎস সম্পৰ্কে  বৰ্ণনা কৰে।

বিটিচিৰ কাৰ্যবাহী সদস্য লাওমশ্ৰাও দৈমাৰীয়ে কয় যে বিটিচি প্ৰশাসনে মহিলা সৱলীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে আৰু গাৱঁলীয়া মহিলাসকলে আৰ্থিক স্বাৱলম্বন লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিটিচিৰ উপাধ্যক্ষ  নেৰছন বড়োৱে কয় যে ভিন্ন ভিন্ন আত্ম সহায়ক গোটসমূহক সহায় কৰাৰ বাবে ভিন্ন ভিন্ন আঁচনি আছে আৰু বিটিচিয়ে উৎপাদনৰ কামত নিয়োজিত হ’ব খোজা আত্ম সহায়ক গোটসমূহক সহায় কৰাৰ বাবে প্ৰস্তুত।

এই অনুষ্ঠানত উপস্থিত থকা ভিন্ন ভিন্ন আত্ম সহায়ক গোটসমূহৰ প্ৰতিটোকে ৫০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়।