NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে বিশ্বনাথ-ঘাটত 

Posted by: কাজি জেইদুল ইছলাম May 28, 2018 1:53 pm
biswanath ghat erosion

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নিশ্চিহ্ন কৰাৰ উপক্ৰম ঘটিছে ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ-ঘাট। ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি চপৰা-চপৰে মাটি খহাই থকাত বিশ্বনাথ ঘাটক লৈ মানুহ আশংকাত দিন নিয়াইছে। বাৰিষা  অহাৰ লগে লগে ক্ৰমে বৃদ্ধি পাই আহিছে বিশ্বনাথ-ঘাট সম্পৰ্কে এই মানুহৰ আশংকা।

এইবাৰ কিছু আগতীয়াকৈ অহা বাঢ়নী পানীয়ে  যেন বাৰিষাৰ আগতেই আৰম্ভ কৰিছে গৰাখহনীয়াৰ তাণ্ডৱ। নিদ্ৰা হৰণ কৰিছে ঐতিহ্যমণ্ডিত বিশ্বনাথ-ঘাটবাসী ৰাইজৰ ।

বাৰিষাৰ ব্ৰহ্মপুত্ৰই ৰাতিৰ ভিতৰতে খহাই নিয়ে বিস্তীৰ্ণ এলেকাৰ ভুমি।

ইতিমধ্যে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিছে যদিও স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ এই যে কেৱল ফটো তুলিয়েই দায়িত্ব সামৰে বিভাগীয় আমোলা-বিষয়াই । বিগত বৰ্ষতো এনে সময়ছোৱাত কেৱল ফটো তুলিয়েই দায়িত্ব সামৰি থৈছিল বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ভুক্তভোগী ৰাইজে। কিন্তু এটা কথা নিশ্চিত, যদি সময় থাকোঁতেই বিভাগীয় কৰ্তৃপক্ষৰ লগতে  প্ৰশাসন তথা ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া সমগ্ৰ গুপ্তকাশী বিশ্বনাথ ঘাট যে বানপানী আৰু খহনীয়াৰ কৱলত পৰিব সেইয়া নিশ্চিত হৈ পৰিছে।