NORTHEAST NOW (Assamese)
অসম

ভয়ত কঁপিছে চীন! ভাৰতৰ ওপৰত চকু ৰাখিবলৈ ভাৰত মহাসাগৰলৈ পঠিয়ালে চোৰাংচোৱা জাহাজ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 5, 2022 7:40 pm

ভাৰতৰ সৈতে চীন বিবাদ অতি পুৰণি। শেহতীয়াকৈ লাডাখ সংকটকলৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক বেয়া হৈছে। ইয়াৰ মাজতে ভাৰতে ১০ নাইবা ১১ নৱেম্বৰত ওৰিষাৰ আব্দুল কালাম দ্বীপৰ পৰা ২,২০০ কিলোমিটাৰ দূৰত্বভেেদী মিছাইলৰ পৰীক্ষণ কৰাৰ কথা ।

সেয়ে ভাৰতৰ মিছাইল কাৰ্যসূচীৰ ওপৰত চকু ৰাখিবলৈ চীনে ভাৰত সমহাসাগৰলৈ প্ৰেৰণ কৰিছে ইউয়ান ৱাং-৬ৰনামৰ চোৰাংচোৱা জাহাজ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই সদৰী কৰা মতে যে ইণ্ডোনেছিয়াৰ বালি উপকূলৰ পৰা ভাৰত মহাসাগৰত প্ৰৱেশ ককৰিছে চীনৰ গুপ্তচৰ জাহাজ য়ুৱান ৱাং-৬। ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ নিৰীক্ষণ কৰিবলৈয়েই চীনে এই জাহাজ খন প্ৰেৰণ কৰা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে ইউয়ান ৱাং-৬ৰ মুখ্য দায়িত্ব হৈছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ৰ দ্বাৰা মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ নিৰীক্ষণ কৰা।