NORTHEAST NOW (Assamese)
অসম

ভৱানীপুৰত চিপলৈ আত্মহত্যা ১৬ বছৰীয়া যুৱতীৰ

Posted by: আনিছুজ জামান May 10, 2018 6:46 pm
IMG_20180510_141919

বৰপেটা জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পোডাভৰাল গাঁৱৰ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে যুৱতীগৰাকীয়ে ঘৰৰ পিছফালে থকা আম গছত চিপলৈ আত্মহত্যা কৰে৷

পৰিয়ালৰ লোকে জনোৱা মতে বুধবাৰে নিশা  মাকৰ লগত সামান্য কাজিয়াত লিপ্ত হৈছিল যুৱতীগৰাকী। ফলত মাকে যুৱতীগৰাকীক শাৰিৰীকভাৱে আক্ৰমণ কৰে আৰু  তাৰ পিছৰ পৰাই নিৰুদ্দেশ হয় যুৱতীগৰাকী।

বহু সময় নিৰুদ্দেশ হৈ থকাত যুৱতীগৰাকীৰ সন্ধানত পৰিয়ালৰ লোকে সন্ধানকাৰ্য চলায়। নিশা বিচাৰি নোপোৱা যুৱতীগৰাকীক ৰাতিপুৱা গাঁওবাসীয়ে গছত চিপলৈ থকা অৱস্থাত দেখি তৎকালে আৰক্ষীক খবৰ দিয়ে।

ছোৱালীজনী কিছু মানসিকভাৱে বিকাৰ গ্ৰস্ত আছিল আৰু সেয়ে এনে সিদ্ধান্ত ল’ব পাৰে বুলি স্থানীয় লোকে মন্তব্য কৰে।

উল্লেখ্য যে ভৱানীপুৰ সমষ্টিৰ বিধায়ক আবুল কালাম আজাদৰ ঘৰৰ পিছফালে থকা মৃত নজুমুদ্দিন নামৰ ব্যক্তিৰ অতি দৰিদ্ৰ পৰিয়ালৰ  দ্বিতীয়  কন্যা আছিল মৃত যুৱতীগৰাকী ।  বিধায়ক কালামে জনোৱা মতে বিভিন্ন সময়ত ছোৱালীজনী আৰু তাইৰ মাতৃয়ে বিধায়কৰ ঘৰত কাম বন কৰিছিল৷ বিধায়ক জনেও বিভিন্ন সময়ত পৰিয়ালটোক সাহায্য আগবঢ়াইছিল৷

ইফালে ঘটনাস্থলিত বিধায়ক কালাম উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় আৰু দুখ প্ৰকাশ কৰে৷ ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিতহৈ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ বাবে থানালৈ লৈ যায়৷