NORTHEAST NOW (Assamese)
অসম

মঙলদৈত জুৱাৰ ঘাটি উৎখাত, ৫জন আটক

Posted by: ময়ুখ গোস্বামী March 22, 2018 9:00 am
MANGALDAI-GAMBLING

ক্ৰমাৎ জুৱাৰ ঘাটিলৈ পৰিনত হৈছে দৰং জিলাৰ মঙলদৈ চহৰ। কালি সন্ধিয়া দৰং আৰক্ষীৰ এটা দ’লে নগৰখনৰ পৰা এনে এটা জুৱাৰ ঘাটি উৎখাত কৰে।

প্ৰাপ্ত তথ্য মতে, দৰং আৰক্ষীৰ অৱেক্ষাধীন সহযোগী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদিপ মীনাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দ’লে মঙলদৈ নগৰৰ ৩নং ৱাৰ্ডৰ এক আৱাসিক এলেকাৰ পৰা এটা ৫ জনীয়া জুৱাৰীৰ দ’ল আটক কৰে।

বৃহত্তৰ মঙলদৈৰ বিভিন্ন স্থানৰ বাসিন্দা আটাইকেইজন ধৃত জুৱাৰীয়ে মাছৰ বেপাৰ কৰে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।

লোককেইজনৰ পৰা আৰক্ষীয়ে ৭৩,৮০০ টকা জব্দ কৰাৰ লগতে কেইবা পেকেট তাচপাত উদ্ধাৰ কৰে।

আনহাতে, নগৰখনৰ চুকে কোনে গঢ়ি উঠা জুৱাৰ ঘাটিৰ সৈতে আৰক্ষীয়ে ঘনিষ্ঠ সম্পৰ্ক বজাই আহিছে বুলি নগৰখনৰ সচেতন মহলে সন্দেহ কৰিছে। ধনৰ বিনিময়ত একাংশ দুৰ্নীতিপৰায়ন আৰক্ষীৰ ছত্ৰছায়াতে নগৰখনত এনেধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে বুলি স্থানীয় লোকৰ অভিযোগ কৰে।