NORTHEAST NOW (Assamese)
অসম

মঙলদৈত ৪১ সংখ্যক আন্তঃজিলা দবা প্ৰতিযোগিতা

Posted by: ময়ুখ গোস্বামী December 26, 2017 8:59 pm

আজিৰ পৰা মঙলদৈত তিনিদিনীয়া কাৰ্যসূচীৰে ৪১ সংখ্যক আন্তঃজিলা দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। দৰং জিলা দবা সংস্থাই লৰা আৰু ছোৱালী উভয়ৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখন বয়স অনুযায়ী তিনিটা পৃথক শাখাত ভাগ কৰা হৈছে। প্ৰাপ্ত তথ্য মতে ৯ বছৰ, ১৩ বছৰ আৰু ১৭ বছৰ অনূৰ্ধ্ব শাখাত অনুষ্ঠিত দবা প‌্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা ১৮০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। প্ৰথম ৰাউণ্ডৰ উদ্বোধনী খেলকেইখনৰ ৯ বছৰ অনূৰ্ধ্বত মায়ঙ্ক চক্ৰৱৰ্তী আৰু আফছীনা আফছা জামান; ১৩ বছৰ অনূৰ্ধ্বত মন্থন কাশ্যপ দত্ত আৰু তানীছা ছ’ম তথা ১৭ বছৰ অনূৰ্ধ্বত অৰুণাভ গোহাঁই আৰু চিৰুস্মীতা চহৰীয়াই তেওঁলোকৰ প্ৰথম ৰাউণ্ডৰ খেলসমূহত বিজয় অৰ্জন কৰে। উক্ত খেলকেইখনৰ বাহিৰেও প্ৰথম ৰাউণ্ডৰ সকলো কেইখন খেল উদ্বোধনী দিনটোৰ সন্ধিয়া পৰ্যন্ত চলে বুলি জনায় উদ্যোক্তা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ শৰ্মাই। ইয়াৰ পূৰ্বে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে উদ্বোধন কৰা প্ৰতিযোগিতাখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেছ মাষ্টাৰ চাহিল দে’ আৰু বিশ্ব ৰুবিক চেম্পিয়ন কাব্যনিল তালুকদাৰক উদ্যোক্তা সকলে সম্বৰ্ধনা জনায়।