NORTHEAST NOW (Assamese)

মঙলবাৰে শ্বিলঙত এক সংগীত সন্ধিয়াত উপস্থিত থাকিব ৰাহুল গান্ধী

January 29, 2018 10:58 am · এন ই নাও নিউজ

নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে মঙলবাৰে মেঘালয়লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব। ৰাহুল গান্ধীৰ এই ভ্ৰমণত ৰাজ্যখনৰ কংগ্ৰেছ কৰ্মীসকল তেওঁক আদৰণি জনাবলৈ সাজু হৈ পৰিছে।

এইবাৰ ৰাহুল গান্ধীয়ে ৰাজ্যখনলৈ আহিয়ে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰিকল্পনা কৰিছে। কংগ্ৰেছ সভাপতিগৰাকীয়ে মঙলবাৰে সন্ধিয়া পল’ গ্ৰাউণ্ডত অনুষ্ঠিত এখন যুৱ সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত হ’ব।

এই অনুষ্ঠানত ৰাজ্যখনৰ ৰক বেণ্ড আৰু আন শিল্পীসকলে সংগীত পৰিৱেশন কৰিব।

‘’যুৱ প্ৰজন্মৰ সৈতে সংযোগ বৃদ্ধি কৰাৰ মাধ্যম সংগীতৰ বাহিৰে আন কোনো নাই আৰু সেয়েহে কংগ্ৰেছ সভাপতিগৰাকীয়ে এইটো বিচাৰিছে,’’- মেঘালয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ভিনচেন্ট পালাই সংবাদ মাধ্যমৰ আগত দেওবাৰে এইদৰে প্ৰকাশ কৰিছে।

সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই সংগীত সন্ধিয়াত সকলোৰে বাবে  বিনামূলীয়া প্ৰৱেশ মুকলি থাকিব।

‘শান্তিৰ উদযাপন’ শীৰ্ষক সন্ধিয়াটোত মেঘালয়ৰ জীৱন যাত্ৰাৰ বিষয়ে দাঙি ধৰা হ’ব। অনুষ্ঠানত সংগীত, সংস্কৃতি, পৰম্পৰা আৰু যুৱ সমাজৰ প্ৰতিফলন ঘটিব। তদুপৰি মহাত্মা গান্ধীৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।

সংগীত সন্ধিয়াত বিশেষভাৱে সংগীত পৰিৱেশন কৰিব বেনেডিক্ট হাইনেইৱেটা আৰু লামফাং ছেইয়েমলিয়েহে।

কংগ্ৰেছ নেতা ভিনচেন্ট পালাই কয় যে কংগ্ৰেছৰ উদ্দেশ্য হৈছে যুৱ সকলক আকৰ্ষিত কৰা আৰু শান্তি তথা একতাৰ বাণী প্ৰচাৰ কৰা।

নিৰ্বাচন বিভাগৰ চৰকাৰী চালিকা অনুসৰি মেঘালয়ত প্ৰায় ৮৬,০০০ যুৱ ভোটাৰ আছে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে  বুধবাৰে আন আন সংগঠনৰ লগতে সংবাদ মাধ্যমৰ সৈতেও মত বিনিময় কৰিব আৰু নিৰ্বাচনৰ আগতে বাস্তৱ পৰিস্থিতিটোৰ বুজ ল’ব। তেওঁ কংগ্ৰেছ দলে পোষণ কৰা কিছু বাৰ্তাও সদৰি কৰিব।

Related News