NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰত মন্ত্ৰীয়ে নিজেই অভিযান চলাই জব্দ কৰিলে চোৰাং কাঠভৰ্তি ১৭খন ট্ৰাক

Posted by: এন ই নাও নিউজ March 26, 2018 5:34 pm
timber_Manipur

এটা দৃষ্টান্তমূলক ঘটনাত মণিপুৰৰ বন মন্ত্ৰী টি শ্যামকুমাৰে অভিযান চলাই প্ৰায় ৩ লাখ টকা মূল্যৰ কাঠভৰ্তি ১৭খন ট্ৰাক জব্দ কৰে। লগতে এখন ৰিক’ভাৰি ট্ৰাকো জব্দ কৰা হয়। এই ঘটনাটো ঘটে ম্যানমাৰ সীমান্তৰ ফুংগ্যাৰ নামৰ ঠাইত। ফুংগ্যাৰ ইম্ফলৰ পৰা ১৩২ কিলোমিটাৰ দূৰত অৱস্থিত।

জানিব পৰামতে, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি এই ট্ৰাককেইখনৰ গৰাকীৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে।

মন্ত্ৰীজনে কয় যে সীমান্তৰ গাওঁবোৰত বহুতো অবৈধ কাঠমিল আছে। ‘কাঠবোৰ ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হয়। এই কাঠমিলবোৰত ঘৰ বনোৱাৰ উপযুক্তকৈ কাঠবোৰ কটা হয় আৰু সেইবোৰ পিছত ইম্ফললৈ চালান দিয়া হয়।’ মন্ত্ৰীজনে কয়।

শেহতীয়াভাৱে, মন্ত্ৰীজনে ইম্ফলত তেনেকুৱা অবৈধ কাঠ বাজেয়াপ্ত কৰিছিল। তেওঁ কয় যে সীমান্তত থকা দুটা শিবিৰৰ নিৰাপত্তা কৰ্মীয়ে ট্ৰাককেইখন ৰখোৱা নাছিল। তেওঁ লগতে কয় পাহাৰীয়া পথৰ ওপৰত বিন বিভাগে কিয় তালাচী চকী ৰখা নাই, সেইটো চৰকাৰে পৰীক্ষা কৰিব।

এই জব্দ কৰা কাঠখিনি পিছত নিলামত বিক্ৰী কৰা হ’ব বুলি মন্ত্ৰীজনে কয়।