NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰৰ দুগ্ধ পামৰ বিকাশৰ বাবে কেন্দ্ৰৰ ৯ কোটিৰ পেকেজ

Posted by: সভাপতি চামম April 25, 2018 9:52 pm
M{Forest]Inauguration of Building at Andro Khunou on 25.4.18 (15)

কেন্দ্ৰ চৰকাৰে অনুসূচিত জনজাতি পুজিৰ অধীনত মণিপুৰৰ আন্দ্ৰো, ছেকমাই লেইমাৰাম গাঁওৰ দুগ্ধ পামৰ বিকাশৰ বাবে ৯ কোটি টকা মোকোলাই দিছে বুলি মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

বুধবাৰে আন্দ্ৰো খুনোউৰ  টৰংথেলকমিউনিটি হল উদ্বোধনী অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰিছে মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থাউনাওজাম শ্যামকুমাৰে।

তেওঁ আৰু কয় যে ইম্ফলৰ পূব জিলাৰ আন্দ্ৰো সমষ্টিত গাহৰি পাম খোলাৰ বাবে তেওঁ জনজাতি উপ পৰিকল্পনাৰ মন্ত্ৰ্যালয়ৰ অধীনত পুঁজি বিচাৰিছে।

সিক্ষা খণ্ডৰ বিকাশৰ কথাত জোৰ দি তেওঁ কয় যে আন্দ্ৰো বিদ্যালয়ৰ বিকাশৰ বাবে ভাৰত চৰকাৰে ৪.৭৫ কোটি টকা মোকোলাই দিছে। এখন আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণৰ বাবে কেন্দ্ৰই ২৫ কোটি মোকোলাই দিছে বুলিও প্ৰকাশ কৰিছে।

ৰাজ্যখনৰ বিভিন্ন এলেকাত শেহতীয়াভাৱে অৰণ্য কমি যোৱাটো ৰোধ কৰাৰ বাবে বৃক্ষ ৰোপণ কৰা হ’ব বুলিও পৰিৱেশ মন্ত্ৰীজনে প্ৰকাশ কৰিছে।

টৰংথেল, আন্দ্ৰো, খুনৌৰ নাগৰিকসকলক ধৈৰ্যেৰে অপেক্ষা কৰিবলৈ আহ্বান জনাই বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই এলেকাটোত তেওঁ বিভিন্ন বিকাশমূলক প্ৰকল্প হাতত লৈছে। দুমাহৰ ভিতৰতে ৰাষ্টাসমূহ পকী কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাজ্যখনৰ বিকাশ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে সৰ্বস্তৰৰ বাসিন্দাৰ সহযোগ কামনা কৰে।