NORTHEAST NOW (Assamese)

মণিপুৰৰ বক্সাৰ মেৰীকমক সম্বৰ্ধনা জনালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

March 16, 2018 9:39 pm · এন ই নাও নিউজ
Updated: March 16, 2018 10:22 pm

আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বৰ্ধনা জনায় মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰীকমক । ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয়ত আয়োজিত ইণ্ডিয়ান চায়েন্স কংগ্ৰেছৰ ১০৫তম অধিৱেশনৰ মুকলি অনুষ্ঠানতে প্ৰধান মন্ত্ৰীয়ে বক্সাৰ গৰাকীক উক্ত সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰীকমে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ছয়টা বিভিন্ন বিশ্ব চেম্পিয়নশ্বীপ প্ৰতিযোগিতাত পদক লাভ কৰা মেৰীকমেই হ’ল একমাত্ৰ মহিলা বক্সাৰ।

‘মেগনিফিচেণ্ট মেৰী’ নামেৰে জনাযাত মেৰীকমেই হ’ল একমাত্ৰ মহিলা ভাৰতীয় বক্সাৰ যিয়ে ২০১২ চনৰ অলিম্পিকত ৫১ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি দেশলৈ সগৌৰৱেৰে ব্ৰঞ্জৰ পদক বুটলি আনিবলৈ সক্ষম হৈছিল।

মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই সমাৰোহত উপস্থিত থাকে মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লাহ, মুখ্য মন্ত্ৰী এন বীৰেন সিং, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং, মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফ. আদ্য প্ৰসাদ পাণ্ডেৰ লগতে আয়োজক আৰু বিভিন্ন বিজ্ঞানী।

Related News