NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত গছ ৰোপনৰ ব্যাপক পৰিকল্পনা

Posted by: চভাপতি চামম January 25, 2018 10:23 am
forest-minister-led-team-at-Indo-Myanmar-border-

মণিপুৰৰ উদ্যানপালন আৰু ভূমি সংৰক্ষণ বিভাগে প্ৰকৃতি ৰক্ষা তথা সেউজীয়া কৰি ৰাখিবৰ বাবে ভাৰত-ম্যানমাৰ সীমান্তৰ ভাৰতীয় ভূমিত অনাগত দিনত বিভিন্ন ফল-মূলৰ গছ ৰোপন কৰাৰ ব্যাপক পৰিকল্পনা লৈছে।

বুধবাৰে মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থৌনোৱাজাম শ্যামকুমাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰিহ অঞ্চল পৰিভ্ৰমণ কৰাৰ সময়ত সংবাদ মাধ্যমৰ আগত গছ ৰোপনৰ কথা ব্যক্ত কৰে।

মন্ত্ৰীগৰাকীয়ে বনাঞ্চল পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে যোৱা দক্ষিণ ইম্ফলৰ পৰা ১১৫ কিলোমিটাৰ দূৰত্বৰ সীমান্তৱৰ্তী গাঁও হলেনফাইও পৰিদৰ্শন কৰে। উক্ত অঞ্চল বেয়াকৈ গোলকীয় উষ্ণতাৰ কৱলত পৰিছে। অভাৱনীয় হাৰত বৃদ্ধি পোৱা গোলকীয় উষ্ণতাৰ পৰা উক্ত অঞ্চলক মুক্ত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ লগত আলোচনা কৰাৰ কথাও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ইয়াৰ উপৰি অবাধে চলোৱা বন-ধংস যজ্ঞৰ ফলত প্ৰকৃতি বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে যাৰ ফলত দিনক দিনে পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন হ’বলৈ ধৰিছে। সেয়েহে মন্ত্ৰীগৰাকীয়ে সকলো লোককে গছ-বন নাকাটিবলৈ অনুৰোধ জনোৱাৰ লগতে পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে আহ্বান জনায়।

আনহাতে অবৈধ চোৰাং কাঠসৰবৰাহ কাৰ্য বন্ধ কৰাৰ স্পষ্ট পোষকতা কৰে। মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালৰ সময়ত হলেনফাই গাঁৱৰ গাঁও প্ৰমুখ লালখলুন হাওকিপৰ লগতে বিভিন্ন বন বিষয়া উপস্থিত আছিল।

লক্ষ্যণীয় যে মঙলবাৰে মন্ত্ৰী শ্যামকুমাৰ আৰু বন বিভাগৰ বিষয়া সকলে এখন কাঠভৰ্তী চোৰাং ট্ৰাক জব্দ কৰে। ভাৰত-ম্যানমাৰ সীমান্তৰ চুৰাচন্দপুৰ জিলাৰ বনাঞ্চল পৰিদৰ্শন কৰি থাকোতে উক্ত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছিল।

এনেদৰে মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী শ্যামকুমাৰে ৰাজ্যখনৰ সংৰক্ষিত বনাঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে চোৰাং কাঠ সৰবৰাহকাৰীৰ লগতে অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ৰাজ্যৰ বন বিভাগক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

বনাঞ্চল পৰিদৰ্শনৰ সময়ত বন বিভাগৰ প্ৰধান মুখ্য সংৰক্ষক কে আংগামীৰ লগতে বিভাগৰ উচ্চ পৰ্যায়ৰ বিভিন্ন বিষয়াই বিভাগীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে।