NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ক্ষুব্ধ বিধায়ক : শীঘ্ৰেই অনুষ্ঠিত হ’ব কাৰ্যনিৰ্বাহক সভা

Posted by: এন ই নাও নিউজ April 29, 2018 8:27 am
Assam BJP ready to welcome Cong MLA Rupjyoti Kurmi to party

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতেই বিধায়কৰ বিদ্ৰোহ আৰু অসন্তুষ্টিয়ে অস্বস্তিত পেলাইছে বিজেপিৰ ৰাজ্যিক নেতৃত্বক। সেয়েহে এনে অসন্তুষ্টি সমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনৰ সম্পৰ্কত আলোচনা কৰিবলৈ শীঘ্ৰেই কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে।

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই ৰাজ্যিক বিজেপিয়ে প্ৰথমবাৰৰ বাবে কাৰ্য নিৰ্বাহক সভাৰ আহ্বান কৰিছে। অহা মে’ মাহৰ দ্বিতীয় পষেকত নলবাৰীত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ কাৰ্য নিৰ্বাহক সভাখন অনুষ্ঠিত হ’ব।

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতেই জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন, পদ্ম হাজৰিকা, অতুল বৰা, জয়ৰাম ইংলেং, মানছিং ৰংপী, আমিনুল হক লস্কৰ, ৰমাকান্ত দেউৰী, ৰণোজ পেগুকে ধৰি কেইবাজনো নেতাই মন্ত্ৰিত্ব নোপোৱাক কেন্দ্ৰ কৰি ক্ষোভ অব্যাহত আছে। একাংশ নেতাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ চেষ্টা কৰি থকাৰ লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক হেঁচা দিছে।

ৰাজ্যিক সভাপতিগৰাকীৰ আগত বিধায়কসকলে সমষ্টিত উন্নয়নৰ কাম কৰাত অসুবিধা হৈছে বুলি অভিযোগ কৰি অধিকাংশ বিধায়কে সময়মতে সমষ্টি উন্নয়নৰ পুঁজি মোকলাব পৰা নাই বুলিও জানিব দিয়ে।

বাজেটৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰতিজন বিধায়কে সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ বাবে ২২ কোটিকৈ টকা পাব বুলি ঘোষণা কৰিছিল যদিও সমষ্টিসমূহত বিধায়কসকলে সেই অনুপাতে পুঁজি লাভ কৰা নাই। সমষ্টি উন্নয়নৰ বাবে পুঁজি মুকলি কৰাৰ বাবে কিছুমান বিষয়াই উপঢৌকন বিচাৰে বুলিও দলৰ জ্যেষ্ঠ বিধায়ক অতুল বৰাই অভিযোগ কৰিছেল।

আগন্তুক কাৰ্য নিৰ্বাহক সভাত এই বিষয়বোৰ আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।

অসম বিধানসভাত বিজেপিৰ ৬১ জন বিধায়ক আছে আৰু ইয়াৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ১২ জন মন্ত্ৰী, অধ্যক্ষ তথা উপাধ্যক্ষ দুজন আৰু দলৰ ৰাজ্যিক সভাপতিজনক বাদ দি বাকী ৪৬ জন বিধায়কে সমষ্টি উন্নয়নৰ কামত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিগত কেইদিন ধৰি এই বিধায়কসকলে বিভিন্ন ধৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰি আহিছে।

বিধায়কসকলৰ কিছুমানে মুকলিকে অভিযোগ কৰাৰ বিপৰীতে আন একাংশই দলীয় নেতৃত্বৰ আগত অভিযোগ দিয়াৰ চেষ্টা কৰিছে। সম্ভাৱ্য মুকলি বিদ্ৰোহ মোকাবিলা কৰিবলৈ ৰাজ্যিক বিজেপিৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। কিয়নো আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা যথেষ্ট আছে।