NORTHEAST NOW (Assamese)

মহানগৰীত ভুৱা আধাৰ কাৰ্ড প্ৰদানৰ নামত ধন সংগ্ৰহ কৰা এটা চক্ৰ উৎখাত

February 18, 2018 5:14 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটীৰ হাতীগাঁৱৰ শৰাইঘাট হাউসিং কমপ্লেক্সত আধাৰ কাৰ্ড যোগান ধৰাৰ নামত অবৈধভাৱে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা এটা ভুৱা চক্ৰক উৎখাত কৰে।

মহানগৰীৰ আজাৰাৰ নিবাসী জোনালী দাস, কলকাতাৰ নিৱাসী চন্দন কুমাৰ আৰু সুভা মিৰ্ধা নামৰ ব্যক্তি কেইজনে অবৈধভাৱে গ্ৰাহকৰ পৰা আধাৰ কাৰ্ড দিয়াৰ নামত প্ৰতিজন গ্ৰাহকৰ পৰা ৩০০ টকাকৈ লোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে শৰাইঘাট হাউসিং কমপ্লেক্সতে কাম কৰা বাবুল বৰা নামৰ আন এজন সমাজ সচেতন ব্যক্তিয়ে উক্ত ব্যক্তিকেইজনে এনেদেৰ অবৈধভাৱে আধাৰ কাৰ্ড প্ৰদান কৰাৰ নামত ধন সংগ্ৰহ কৰা ঘটনা প্ৰতক্ষ্য কৰি আছিল।

সমগ্ৰ ঘটনাটো অবৈধভাৱে চলি থকা বুলি জানিব পাৰি  বৰাই আৰক্ষী আৰু সংবাদকৰ্মীক এই সম্পৰ্কত অৱগত কৰে। বৰাই জনোৱা মতে উক্ত ব্যক্তিকেইজনে প্ৰায় ৩০-৪০ জন ব্যক্তিৰ পৰা আধাৰ কাৰ্ড প্ৰদান কৰাৰ নামত ৩০০ কৈ টকা সংগ্ৰহ কৰা বুলি ব্যক্ত কৰে।

ইতিমধ্যে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা উক্ত চক্ৰটোক হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে।

Related News