NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বৰসজাইত আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱন উদ্বোধন

Posted by: এন ই নাও নিউজ February 24, 2018 5:46 pm
Ministry of AYUSH

আয়ুশ(Ayurveda, Yoga and Naturopathy, Unani, Siddha and Homoeopathy, AYUSH)ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে শুক্ৰবাৰে মহানগৰীৰ বৰসজাইত আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান, Regional Ayurveda Research Institute for Gastro Intestinal Disorder (RARIGID)ৰ এটা নতুন ভৱন উদ্বোধন কৰে।

ভৱনটো উদ্বোধন কৰি উঠি নাইকে ইণ্ডিয়ান ইন্সটিটিউট অব অণ্ট্ৰপ্ৰেনাৰ্শ্বিপত অনুষ্ঠিত চি চি আৰ এ এছৰ ৰাষ্ট্ৰীয় কৰ্মশালাক সম্বোধন কৰে।

ভাষণ প্ৰসংগত তেওঁ ভাৰতীয় পৰম্পৰাগত ঔষধৰ চহকি ঐতিহ্যৰ কথা উল্লেখ কৰি সমগ্ৰ বিশ্বজুৰি উক্ত পৰম্পৰাগত চিকিৎসা সেৱা পদ্ধতিয়ে এক বিশেষ সমাদৰ লাভ কৰিছে বুলি মন্তব্য কৰে।

সভাখনক সম্বোধন কৰি নাইকে কয়, ‘ ১৯৭১ চনৰ পৰাই চি চি আৰ এ এছ আৰু আয়ুশৰ মন্ত্ৰালায়ে উত্তৰ-পূবত গৱেষনা আৰু উন্নয়ণমূলক কাম-কাজৰ সৈতে জড়িত।’

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম, অৰুণাচল প্ৰদেশ আৰু ছিকিমকে ধৰি উত্তৰ-পূবৰ আন-আন স্থানতো ২০টা নতুন চিকিৎসা সেৱা কেন্দ্ৰ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰি নাইকে তেওঁৰ ভাষণত কৃষকসকলক অাৰ্থিক তথা সমাজৰ উপকাৰৰ বাবে বেছিকৈ ব্যৱহৃত ঔষধি উদ্ভিদৰ খেতি কৰিবলৈ আহ্বান জনায়।