NORTHEAST NOW (Assamese)
অসম

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে দীপা কৰ্মকাৰক আগবঢ়ালে ব্যতিক্ৰমী সফল মহিলা বঁটা

Posted by: এন ই নাও নিউজ January 21, 2018 8:42 pm
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে দীপা কৰ্মকাৰক আগবঢ়ালে ব্যতিক্ৰমী সফল মহিলা বঁটা

২০১৬ চনত অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিভাৱান জিমনাষ্ট দীপা কৰ্মকাৰে ২১ জানুৱাৰি দেওবাৰে ব্যতিক্ৰমী সফল মহিলা বঁটা লাভ কৰে।

তেওঁক এই বঁটা আগবঢ়াইছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে।

মহিলা জমনাষ্টিকৰ বৰ্তমান প্ৰদৰ্শন কৰা আটাইতকৈ কঠিন শৈলী হিচাপে পৰিগণিত প্ৰদুনভা তেওঁ প্ৰদৰ্শন কৰে।

বিগত ৫২ বছৰত এই ক্ৰীড়াত অংশগ্ৰহণ কৰা তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা জিমনাষ্ট।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকত তেওঁ দেখুওৱা উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰে সেইবছৰৰ আগষ্ট মাহত তেওঁক খেল ৰত্ন বঁটাৰে সন্মানিত কৰে।

ভাৰতত মহিলা খেলুৱৈৰ প্ৰদৰ্শন সম্পৰ্কত থকা নেতিবাচক ধাৰণাক অতিক্ৰম কৰি দীপা কৰ্মকাৰে প্ৰমাণ কৰিছে যে বিদেশী মহিলা খেলুৱৈৰ দৰে আমাৰ ভাৰতীয় মহিলা খেলুৱৈয়েও উপযুক্ত প্ৰশিক্ষণ আৰু সুবিধা পালে আন্তৰ্জাতিক ক্ৰীড়াত চমক দিব পাৰে।