NORTHEAST NOW (Assamese)
অসম

ম’হ যুঁজ আৰু বুলবুলি যুঁজৰ দৰে কুকুৰা যুঁজো নিষিদ্ধ কৰিলে উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ February 23, 2018 7:35 pm
COCK_FIGHT

ভোগালী বিহুৰ সময়ত অসমৰ মানুহে ম’হযুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজৰ আয়োজন কৰি আনন্দ লোৱাৰ কৌটি কলীয়া পৰম্পৰা আছে। পিছে শেহতীয়াকৈ যোৱা কেইবছৰ মানৰ পৰা আইনী হস্তক্ষেপৰ বাবে ম’হযুঁজ আৰু বুলবুলি চৰাই যুঁজ স্তব্ধ হোৱাৰ পিছত এইবাৰ কুকুৰা যুঁজো বন্ধৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এই সম্পৰ্কীয় এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো দিয়ে।

উল্লেখযোগ্য যে আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা মাঘ বিহুত ম’হযুঁজ, বুলবুলি চৰাইৰ যুঁজ চলি আহিছিল। কিন্তু যোৱা ২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি সকলো ধৰণৰ জীৱ-জন্তুৰ দৌৰ, যুঁজ নিষিদ্ধ কৰে।

অৱশ্যে তাতকৈ অধিক নিষ্ঠুৰতা ম’হ বলি তথা ছাগলী, হাঁহ-পাৰ বলিত কোনো নিষেধাজ্ঞা আৰোপ কৰিব পৰা নাই আদালতে। তথাপি কুকুৰাৰ যুঁজ এতিয়াও চলি আছিল।

বিশেষকৈ শিৱসাগৰ জিলাৰ চেপন আৰু ডিমৌৰ কিছুমান অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আজি ডিব্ৰুগড় জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।