NORTHEAST NOW (Assamese)
Popular Stories

মাইবাঙত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচী নৃশংসতাৰ কাইলৈ গুৱাহাটীত প্ৰতিবাদ

Posted by: মহেশ ডেকা January 26, 2018 9:49 pm

ডিমা হাচাও জিলাৰ মাইবাঙত কালি প্ৰতিবাদকাৰীৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত কাইলৈ গুৱাহাটীত সমৱেত হ’ব সমাজ কৰ্মী, বিদ্যায়তনিক ক্ষেত্ৰৰ ব্যক্তি, লেখক, সাংবাদিক, ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ সচেতন নাগৰিক।

শনিবাৰে আবেলি ৪.৩০ বজাত মহানগৰীৰ গুৱাহাটী ক্লাবত এই প্ৰতিবাদী সমাৱেশ আয়োজন কৰা হৈছে।

কাইলৈৰ প্ৰতিবাদটোৰ আয়োজক সমাজ কৰ্মী ভৱেন সন্দিকৈ, গৱেষক অংকুৰ তামুলী ফুকন আৰু তৰুণী লেখিকা জুৰি বৰুৱাই এন ই নাওক জনোৱা মতে, ‘মাইবাঙৰ নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত চলা পুলিচী নৃশ্ংসতাৰ প্ৰতিবাদত কাইলৈ গুৱাহাটী ক্লাবৰ পৰা মম লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰা হ’ব।’

কোনো সাংগঠনিক শক্তি নোহোৱা সত্বেও এই হঠাৎ আয়োজিত প্ৰতিবাদটোৱে চ’চিয়েল মীডিয়াত সঁহাৰি পাবলৈ সক্ষম হৈছে আৰু বহু সংখ্যক লোকে কাইলৈৰ প্ৰতিবাদত যোগ দিব বুলি নিশ্চিত কৰিছে।

এগৰাকী সাংবাদিক মনশ্ৰী গোস্বামীয়ে এন ই নাওক কয় যে, ‘ডিমা হাচাওৰ লোক সকলৰ সৈতে সহমৰ্মিতা প্ৰকাশৰ বাবে মোৰ ব্যস্ততা সত্বেও কাইলৈ তালৈ যাম।’

উল্লেখযোগ্য যে কালিৰ মাইবাঙৰ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে তেওঁলোকৰ ওপৰত গুলীচালনা কৰিছিল।

মাইবাঙৰ এগৰাকী বাসিন্দাই জনোৱা মতে, ‘শান্তিপূৰ্ণভাৱে অৱস্থান কৰি থকা প্ৰতিবাদকাৰী সকলক ছত্ৰভংগ দিয়াবৰ বাবে পুলিচে লাঠী চলোৱাৰ পিছতহে হাতত যি পাই তাকে লৈ প্ৰতিবাদী লোকসকলে উগ্ৰ ৰূপ ধাৰণ কৰে।’