NORTHEAST NOW (Assamese)
অসম

মাজুলীত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত ৩০ জন লোক; উপযুক্ত চিকিৎসকৰ অভাৱ

Posted by: মিটু খাটনিয়াৰ June 21, 2018 4:53 pm
মাজুলীত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত ৩০ জন লোক; উপযুক্ত চিকিৎসকৰ অভাৱ

উজনি মাজুলীৰ মোৱামাৰি গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ৩০ জনকৈ লোক আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছে। শিশু-কিশোৰীসহ আক্ৰান্ত সকলোকে ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে ২০ জুনৰ নিশা মাজুলীৰ মোৱামাৰি গাঁৱৰ প্ৰশান্ত পেগুৰ ঘৰত এটি জন্মদিনৰ অনুষ্ঠান আছিল। আৰু এই জন্মদিনতে প্ৰসাদ হিচাপে আগবঢ়োৱা হৈছিল বুটমাহ।

আৰু এই বুটমাহ খোৱাৰ লগে লগে সকলো বিষক্ৰিয়াত আক্ৰান্ত হয়। ফলত লগে লগে আক্ৰান্ত সকলোকে ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসা কেন্দ্ৰটোত উপযুক্ত চিকিৎসকৰ অভাৱৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে বিছহাজাৰ লোকৰ বসতি প্ৰধান অঞ্চলটোত থকা একমাত্ৰ ক্ষুদ্য প্ৰাথমিক চিকিৎসা কেন্দ্ৰটিত উপযুক্তভাৱে চিকিৎসক নিয়োগৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিনৰে পৰা আবেদন কৰি আহিছে যদিও এই সমস্যাৰ বৰ্তমানলৈকে একো সমাধান হোৱা নাই।