NORTHEAST NOW (Assamese)

মাজুলীত বায়ুসেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত : দুজন উইং কমাণ্ডাৰ নিহত

February 15, 2018 3:48 pm · এন ই নাও নিউজ
Updated: February 15, 2018 5:30 pm

আজি দুপৰীয়া ১.৩০ বজাত মাজুলী জিলাৰ আকাশমাৰ্গত ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত হেলিকপ্তাৰখনত থকা দুজন উইং কমাণ্ডাৰ ক্ৰমে জয় পাল জেইমছ আৰু ডি ভাটছৰ মৃত্যু হয়।

দুৰ্ঘটনাটোত ভস্মীভূত হোৱা হেলিকপ্তাৰখনৰ অৱশেষ।

জানিব পৰা মতে বিজুতিৰ বাবে হেলিকপ্তাৰখন জৰুৰীকালীনভাৱে মাজুলীৰ দক্ষিণপাট সত্ৰৰ ওচৰৰ দৰবাৰ চাপৰিত অৱতৰণ কৰাবৰ চেষ্টা কৰিছিল যদিও সফলভাৱে অৱতৰণ কৰাত বিফল হয় আৰু মাটিত পৰি হেলিকপ্তাৰখন ধ্বংস হয়। বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা দুয়োজন উইং কমাণ্ডাৰৰ মৃত্যু হয়। বায়ুসেনাৰ এটা সূত্ৰই এই কথা নিশ্চিত কৰিছে। হেলিকপ্তাৰখন যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনাৰ বিমানবন্দৰৰ পৰা গৈছিল বুলি জানিব পৰা গৈছে।

আনহাতে হেলিকপ্তাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইখন জনবসতিপূৰ্ণ নোহোৱা বাবে আন লোক হতাহত হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াসকল উপস্থিত হৈছে। ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰা বুলি বায়ুসেনাৰ সূত্ৰটোৱে জানিবলৈ দিছে। শেহতীয়াকৈ জনবিৰল চাপৰিটোত কৌতূহলী লোকৰ ভিৰ হোৱাও দেখা গৈছে।

Related News