NORTHEAST NOW (Assamese)
অসম

মাজুলীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল চুৰি

Posted by: মিটু খাটনিয়াৰ July 27, 2018 1:09 pm
Screenshot_20180727

মাজুলী জিলাৰ মাজুলী প্ৰাথমিক শিক্ষাখণ্ড বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ২০৬ নং ৰাজগুৰু বাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰা নিয়া ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে প্ৰাথমিক বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ কোঠাৰ তলা ভাঙি বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তৰ দলে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ প্ৰায় দুই কুইণ্টল চাউল চুৰি কৰি লৈ যায়।

পুৱা বিদ্যালয় খনৰ তলা ভাঙি থকা দেখি স্থানীয় লোকে বিদ্যালয়খনত প্ৰৱেশ কৰে আৰু  চাউল চুৰি কাণ্ড সংঘটিত হোৱাৰ বিষয়ে জানিব পাৰে। লগে-লগে স্থানীয় ৰাইজে চুৰি সম্পৰ্কত কমলাবাৰী আৰক্ষী থানাক অবগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে  বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চুৰি কাৰ্যৰ লগত জড়িত থকা দুৰ্বৃত্তসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে।