NORTHEAST NOW (Assamese)
অসম

মাজুলীত মুখ্য মন্ত্ৰীৰ ভ্ৰমণৰ সময়তে নাগৰিকত্ব বিধেয়ক বালিতৰ দাবীত প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ

Posted by: মিটু খাটনিয়াৰ July 13, 2018 5:29 pm
মাজুলীত মুখ্য মন্ত্ৰীৰ ভ্ৰমণৰ সময়তে নাগৰিকত্ব বিধেয়ক বালিতৰ দাবীত প্ৰতিবাদ  বিভিন্ন দল-সংগঠনৰ
আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলী ভ্ৰমণৰ সময়তে মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে।
উল্লেখযোগ্য যে জ্যেষ্ঠ নাগৰিক সমিতি, পেঞ্চনাৰ সন্থা, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, কোচ ৰাজবংশী ছাত্ৰ সন্থা, টি এম পি কে, অনুসূচিত জাতি ছাত্ৰ সন্থা, প্ৰাক্তন আলফা ঐক্য মঞ্চ, মাজুলী মহিলা সমিতি, মাজুলী মহিলা আইন কোষ, চুতীয়া জাতি ছাত্ৰ সন্থা, বেংগলি সমাজ বিকাশ সমিতি, সাধাৰণ জাতি যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আজি মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰত  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই।
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত উলিওৱা এই প্রতিবাদত মাজুলীৰ বিভিন্ন দল-সংগঠনে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ হুঁচিয়াৰ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।