NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মীয়মাণ অংশ সম্পূৰ্ণ ভাঙি নতুনকৈ নিৰ্মাণৰ নিৰ্দেশ

Posted by: মিটু খাটনিয়াৰ August 6, 2018 7:11 pm
sonowal foundation stone of Majuli Ayurvedic hospital

উজনি মাজুলীৰ শ্ৰীৰাম দেৱোত্তৰত নিৰ্মীয়মাণ ৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ আসোৱাহপূৰ্ণ নিৰ্মাণকাৰ্য তাৎক্ষণিক ভাৱে বন্ধ কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰসকলক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম (এন এইচ এম, অসম)এ নিৰ্দেশ জাৰি কৰিছে।

ৰাজহুৱা অভিযোগ সাপেক্ষে জিলা প্ৰশাসনৰ অধীনত গড়কাপ্তানী বিভাগৰ অভিযন্তাক লৈ গঠিত এটা দলৰ উপৰি এন এইচ এম, অসমে নিজৰ ছুপাৰিণ্টেণ্ডেণ্ট  ইঞ্জিনীয়াৰ (চিভিল), ছুপাৰিণ্টেণ্ডেণ্ট  ইঞ্জিনীয়াৰ (ইলেক্ট্ৰিকেলছ) আৰু  ষ্ট্ৰাকচাৰেল ইঞ্জিনীয়াৰক লৈ গঠন কৰি দিয়া কাৰিকৰী বিশেষজ্ঞৰ দলৰ পৰীক্ষণত চিকিৎসালয়খনৰ নিৰ্মীয়মাণ গৃহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ আসোৱাহপূৰ্ণ হোৱাটো নিশ্চিত হোৱাৰ পিছতে এন এইচ এম, অসমৰ পৰিচালন সঞ্চালক জে ভি এন সুব্ৰমণিয়মে যোৱা ২৪ জুলাইত জাৰি কৰা নিৰ্দেশৰ জৰিয়তে আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

একেটা নিৰ্দেশতে তেওঁ চিকিৎসালয়গৃহৰ এতিয়ালৈকে আসোৱাহপূৰ্ণ ভাৱে কৰা আধাৰ পৰ্যন্ত নিৰ্মাণকাৰ্যৰ সমুদায় অংশ ততালিকে ভাঙি এই আঁচনিৰ প্ৰাক্কলন, আৰ্হি-চিত্ৰ আৰু নিৰ্দিষ্ট কাৰিকৰী মান সম্পূৰ্ণ অক্ষুন্ন ৰাখি নতুনকৈ নিৰ্মাণ কৰি উলিওয়াবলৈও ঠিকাদাৰ পক্ষক আদেশ দিয়ে। এই নতুন নিৰ্মাণকাৰ্যৰ ব্যয় ঠিকাদাৰ পক্ষই নিজে বহন কৰিব লাগিব।

তদুপৰি, চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্যত ঠিকাদাৰ পক্ষই ভৱিষ্যতে নিজ খুচি মতে পুনৰ আঁচনিৰ প্ৰাক্কলন আৰু আৰ্হি-চিত্ৰ উলংঘা কৰি নিৰ্মাণকাৰ্য আগবঢ়ালে ঠিকাদাৰ পক্ষৰ বিৰুদ্ধে আইনগত ভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও এন এইচ এম, অসমৰ পৰিচালন সঞ্চালক সুব্ৰমণিয়ামে নিৰ্দেশটোত সকিয়াই দিছে।