NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ পৰা চলিব উভচৰ আকাশীযান; ঘণ্টা নহয় মিনিটত পাবহি গুৱাহাটী

Posted by: এন ই নাও নিউজ July 7, 2018 8:38 pm
sea plane in assams majuli

মাজুলীৰ পৰা নিয়মীয়া যাতায়াতৰ বাবে আৰম্ভ হ’ব পানী আৰু আকাশ উভয়তে চলিব পৰা আকাশীযান সেৱা।

এই বছৰৰ ডিচেম্বৰৰ পৰা সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰা এই যানে বোলে প্ৰায় ৪৫ মিনিটতে অতিক্ৰম কৰিব মাজুলী-গুৱাহাটীৰ দূৰত্ব।

বেচৰকাৰী বিমান সেৱা কোম্পানি স্পাইছ জেটে আগবঢ়াব জাপানত নিৰ্মিত এই উভচৰ আকাশীযানখনৰ সেৱা। গুৱাহাটী-কাজিৰঙা-মাজুলীৰ মাজত এই সেৱা আগবঢ়োৱা সন্দৰ্ভত অধ্যয়ন চলাবলৈ ভাৰতীয় বিমানসেৱা প্ৰাধিকৰণ আৰু স্পাইছ জেটৰ বিষয়া যোৱা ৫ জুলাইত মাজুলীত উপস্থিত হয়।

বিমান সেৱা প্ৰাধিকৰণৰ লগতে দেশৰ অসামৰিক বিমান সেৱা সঞ্চালক, স্পাইছ জেট, ভাৰতৰ বতৰ বিজ্ঞান সংস্থা আৰু অসমৰ ৰাজ্যিক জল সম্পদ বিভাগে এই যানৰ বাবে এটা জল এয়েৰ’ড্ৰ’ম স্থাপনৰ অধ্যয়ন আৰু পৰিকল্পনা কৰিব।

এই সন্দৰ্ভত যোৱা বৃ্হস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত বিমান সেৱা প্ৰাধিকৰণৰ মহাপ্ৰবন্ধক (নক্সা) সংগীতা মাহায়, উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মা আৰু জল সম্পদ বিভাগৰ মাজুলীৰ কাৰ্য্যবাহী অভিযন্তা ৰাজীৱ গোস্বামীৰ মাজত এক বৈঠক অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৬ মাহ পূৰ্বে এই যানৰ সেৱাৰ কথা ঘোষণা কৰিছিল।