NORTHEAST NOW (Assamese)

মাজুলীৰ স্বাস্থ্য খণ্ডক উন্নীত কৰাৰ প্ৰয়াসেৰে মাজুলীত এপ’ল’ হস্পিতালৰ বিশেষজ্ঞৰ দল

June 5, 2018 10:50 pm · মিটু খাটনিয়াৰ

মাজুলীৰ জনসাধাৰণক দেশৰ আগশাৰীৰ চিকিৎসা বিশেষজ্ঞৰ পৰা টেলি মেডিচিন প্ৰযুক্তিৰে সহজ চিকুৎসা নিদান উপলব্ধ কৰোৱাৰ বিষয়ে অধ্যয়ন কৰিবলৈ চেন্নাইৰ এপ’ল’ হস্পিতালৰ বিশিষ্ট চিকিৎসক ড০ কে গণপঠী মাজুলীত উপস্থিত হৈছেহি।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুৰোধত এপ’ল’ হস্পিতাল কতৃপক্ষই দেশৰ আগশাৰীৰ চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসক তথা এপ’ল’ মেডিচিন নেটৱৰ্কিং ফাউণ্ডেচনৰ সভাপতি ড০ গণপঠীক জৰুৰীভাৱে মাজুলীলৈ প্ৰেৰণ কৰিছে।

দুই সহযোগী ডাঃ ৰোহন আৰু ইলীনৰ সৈতে মাজুলীত উপস্থিত হোৱা ডা০ গণপঠীয়ে আৰ্চেনিকৰ দ্বাৰা প্ৰদূষিত চেলেক চেচাচুক অঞ্চল ভ্ৰমন কৰি স্থানীয় শিশুসকলৰ লগতে বাসিন্দাসকলৰ স্বাস্থ্যজনিত সমস্যাৰ বুজ লয়।

মাজুলী জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডা০ শশীধৰ ফুকনৰ লগতে মাজুলীৰ চিকিৎসালয়সমুহৰ চিকিৎসক, ৰোগী আৰু স্বাস্থ্যকৰ্মীৰ সৈতে বিশেষজ্ঞ গৰাকীয়ে গৰাকীয়ে মত বিনিময় কৰে। ভৌগোলিকভাৱে অতি জটিল অৱস্থানত থকা মাজুলীৰ লোকসকলক টেলি মেডিচিন পদ্ধতিৰে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা নিদান প্ৰদানেৰে জিলাখনৰ প্ৰাথমিক স্বাস্থ্য সেৱাক উন্নীত কৰাৰ বাবে প্ৰয়োজনীয় সকলো দিশ অধ্যয়ন কৰে বিশেষজ্ঞৰ দলটোৱে ।

চেন্নাইৰ এপ’ল’ হস্পিতালৰ বিশেষজ্ঞ গৰাকীয়ে মাজুলীৰ প্ৰাথমিক স্বাস্থ্য সেৱা ব্যৱস্থাক ফলপ্ৰসু আৰু টেলি মেডিচিন পদ্ধতিৰে উন্নীত কৰাৰ সন্দৰ্ভত এখন প্ৰকল্প প্ৰতিবেদন যুগুত কৰি অতি শীঘ্ৰে গুৱাহাটীত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আয়ুক্তৰ ওচৰত দাখিল কৰিব।

Related News