NORTHEAST NOW (Assamese)
অসম

মালিগাঁৱৰ পদসেতুত দুটা লিফটৰ সংযোজন গুবাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ

Posted by: এন ই নাও নিউজ June 10, 2018 1:47 pm
ATTACHMENT

জ্যেষ্ঠ নাগৰিক তথা শাৰিৰীকভাৱে অক্ষম লোকসকলৰ সুবিধাৰ্থে মালিগাঁৱৰ পদসেতুত দুটাকৈ লিফটৰ ব্যৱস্থা কৰিছে মহানগৰ উন্নয়ন কৰ্তৃপক্ষই।

গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা শনিবাৰে মালিগাঁৱৰ পদসেতুখনৰ লিফটৰ শুভাৰম্ভ কৰে।এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী শৰ্মাই অহা অক্টোবৰ মাহৰ ভিতৰত মহানগৰীৰ আন তিনিখন পদসেতুত লিফটৰ সংযোজন কৰা হ’ব বুলি ঘোষণা কৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰে বাজেট অধিৱেশনত বহু পূৰ্বে মহানগৰীৰ পদসেতুত লিফটৰ সংযোজন কৰা হ’ব বুলি ঘোষণা কৰিছিল।সেই অনুসৰি ভৰলুমুখ, লাচিত নগৰ আৰু দিছপুৰত ব্যক্তিগত- ৰাজহুৱা সহযোগিতাত পদসেতু নিৰ্মাণ কৰিব চৰকাৰে।

ATTACHMENT অনুষ্ঠানটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়— ‘প্ৰতিটো লিফটতে আঠজনকৈ লোক কঢ়িয়াব পৰা ক্ষমতা আছে।এই লিফট সমূহ পুৱা ৮ৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব। ইয়ে জনসাধাৰণক সহায় কৰাৰ লগতে যান-জঁটৰ পৰিমাণ হ্ৰাস কৰিব’।

উল্লেখযোগ্য যে মুম্বাইৰ ছাইনপষ্ট প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক ২০ বছৰৰ বাবে এই কামৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে।ইয়াৰ জৰিয়তে মহানগৰীৰ যান- জঁট কিছু হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুচল হ’ব বুলি আশা কৰা হৈছে।