NORTHEAST NOW (Assamese)

মালয়েছিয়া আৰক্ষীৰ জালত ২৮ বাংলাদেশী নাগৰিক

March 13, 2018 1:15 pm · এন ই নাও নিউজ
Updated: March 13, 2018 3:18 pm

মালয়েছিয়াৰ ৰাজধানী কুৱালালমপুৰত অবৈধভাৱে ব্যৱসায় কৰি থকাৰ অভিযোগত ৰাষ্ট্ৰখনৰ ইমিগ্ৰেইশ্যন বিভাগে আটক কৰিছে ২৮ জনকৈ বাংলাদেশী নাগৰিকক।

‘দ্য ডেইলি ষ্টাৰ’ৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত মালয়েছিয়াৰ ইমিগ্ৰেইশ্যন বিভাগে যোৱা বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১.৪৫ বজাত এক অভিযান চলাই বাংলাদেশী নাগৰিক কেইজনক আটক কৰে।

এই সন্দৰ্ভত বাংলাদেশৰ  ইমিগ্ৰেশ্যন বিভাগৰ সঞ্চালক মুস্তাফৰ আলীয়ে সংবাদ প্ৰতিষ্ঠানৰ আগত প্ৰকাশ কৰা অনুসৰি বাংলাদেশী নাগৰিক কেইজনে এটা অট্টালিকা ভাৰা কৰি বহু দিনৰ পৰা অবৈধভাৱে ব্যৱসায় কৰি আছিল।

উল্লেখ্য যে মালয়েছিয়া আৰক্ষীয়ে আটক কৰা লোককেইজনৰ বিদেশ ভ্ৰমণৰ কোনো উপযুক্ত নথি-পত্ৰ লগত নাই।

আনহাতে এই অভিযান কালতে মালয়েছিয়াৰ ইমিগ্ৰেইশ্যন বিভাগে আৰ এম ২৯,০০০ নগদ আৰু বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাটোৱে মালয়েছিয়াৰ ৰাজধানীখনত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে।

 

Related News