NORTHEAST NOW (Assamese)

মালয়েছিয়াত ভয়ানক ঘটনা : নলাত পৰি ভূগৰ্ভস্থ এগৰাকী ভাৰতীয় মহিলা

August 25, 2024 6:19 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মালয়েছিয়াত গৈ মৃত্যুক সাৱটি ল’লে এগৰাকী ভাৰতীয় মহিলাই। ফুটপাথেৰে গৈ থকাৰ অৱস্থাত ফুটপাথ ভাঙি নলাত সোমাই যায় মহিলাগৰাকী।

জানিব পৰা মতে, ব্যৱসায়িক কামৰ বাবে মালয়েছিয়ালৈ গৈছিল মহিলাগৰাকী। ফুটপাথেৰে গৈ থকাৰ সময়ত স্বামী আৰু সন্তানৰ চকুৰ আগত সকুৰ পলকতে নলাত সোমাই যায় মহিলাগৰাকী। তাৰপিছত নলাৰ পানীয়ে উটুৱাই নিয়ে মহিলাগৰাকীক।

ঘটনাৰ পিছতে প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও মহিলাগৰাকীক উদ্ধাৰ কৰিব পৰা নাই।

জানিব পৰা মতে, নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম বিজয়া লক্ষ্মী (৪৫)। অন্ধ্ৰ প্ৰদেশৰ চিত্তৰ জিলাৰ অনিমিগনিপল্লে গাঁৱৰ বাসিন্দা তেওঁ।

ইতিমধ্যে তেওঁৰ মৃত্যু হোৱাৰ আশংকা কৰিছে মালয়েছিয়াৰ কুৱালালামুপুৰৰ প্ৰশাসনিক বিষয়াসকলে।

Related News