NORTHEAST NOW (Assamese)
অৰুণাচল

মায়’দিয়াৰ দুৰ্ঘটনাত নিহত সকলৰ আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ January 27, 2018 4:35 pm
Mayodiya-Accident

অৰুণাচল প্ৰদেশৰ মায়’দিয়াত সুউচ্চ পাহৰৰ পৰা গাড়ী বাগৰি পৰা ভয়ংকৰ দুৰ্ঘটনাটোত নিহত ৭জন লোকৰ বাকী ছজনৰো মৃতদেহ উদ্ধাৰ হৈছে। যোৱা ২৪ জানুৱাৰিত ঘটা এই ভয়ংকৰ দুৰ্ঘটনাটোত পাহাৰৰ পৰা ১৫০০ ফুট তললৈ গাড়ীখন পৰি যোৱা বাবে নিহতসকলৰ মৃতদেহ উদ্ধাৰত জটিলতাই দেখা দিছিল। ইয়াৰ আগলৈকে কেৱল এজনৰহে মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে গাৰ নোম শিয়ৰি উঠা এই দুৰ্ঘটনাটোত সাতজন লোকৰ থিতাতে নিহত হৈছিল আৰু আন চাৰিজন গুৰুতৰ ভাৱে আহত হৈছিল।

বৰ্তমান উদ্ধাৰ হোৱা মৃতদেহ কেইটা ৰয়িং মেডিকেলত ৰখা হৈছে আৰু পিছত পৰিয়ালৰ লোকক চমজাই দিব বুলি আৰক্ষীৰ সূত্ৰই জনাইছে।

অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই আছিল আৰু আজি অৱশেষত বাকী ৬ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত পথ দুৰ্ঘটনাটোত নিহত হোৱা ব্যক্তিকেইজন আছিল নৰচাদ আহেমদ, ইৰচাদ হুছেইন, আনোৱাৰ হুছেইন, আচিফ আনছাৰি, আনছাৰ আহমেদ, পাৰভেজ হুছেইন আৰু আমিৰ হুছেইন।

আটাইকেইজন লোকেই তিনিচুকীয়াৰ হাপজান আৰু ডুমডুমা অঞ্চলৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত ব’লেৰ’ গাড়ীখনৰ নম্বৰ আছিল এ এছ ২৩ কিউ ১০৮৮।