NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান, এজনক কাৰাগাৰলৈ

Posted by: মানস প্ৰতিম গগৈ June 8, 2018 6:55 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন ঠাইত চলি থকা অবৈধ চুলাই মদৰ ব্যৱসায়ীৰ বিৰুদ্ধে আজি ৮ জুনত আবকাৰী বিভাগে অভিযান চলাই সুমিত দেবনাথ নামৰ এজন লোকক আটক কৰিছে।

আবকাৰী আইনৰ ৫৩ (১) ধাৰাৰ অধীনত ৫২২/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত দেবনাথক জে’ললৈ প্ৰেৰণ কৰিছে৷

অবৈধভাৱে মজুত কৰি ৰখা বিদেশী সুৰাৰ বহুসংখ্যক মদৰ বটলৰ উপৰিও দেশী মদ বনোৱা বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷

বিশেষ সূত্ৰৰ পম খেদি আবকাৰী বিভাগে মাৰ্ঘেৰিটা ষ্টেচনপাৰাত চলোৱা অতৰ্কিত অভিযানটোত  সুমিত দেবনাথৰ ঘৰৰ পৰা চুলাই বনোৱাৰ অনুজ্ঞাপত্ৰও জব্দ কৰে৷

আবকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে মাৰ্ঘেৰিটাত দেশী মদ বনাই বিভিন্ন অঞ্চলত চুলাই মদ যোগান ধৰি অহা বুলি প্ৰকাশ কৰিছে৷