NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিক্ষোভ প্ৰদৰ্শন

March 23, 2018 10:21 pm · এন ই নাও নিউজ

শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰাপ্ত তথ্য মতে অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বাট-পথ মেৰামতি কৰা, বান-গৰাখহনীয়াৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে শুকুৰবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে৷

সংগঠনটোৱে বিভিন্ন সমস্যা সমাধানৰ অৰ্থে দিনৰ প্ৰায় ১২ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰশাসনৰ জৰিয়তে মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়কলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে প্ৰতিবাদী সংগঠনটোৱে মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ মাইচাংপানী, লংগাঁৱৰ দিহিং নৈৰ খহনীয়াকে ধৰি সমষ্টিৰ সকলো বান খহনীয়াৰ সমস্যা সমাধান কৰা, সমষ্টিৰ বাট পথ নিৰ্মাণ কৰা, মাৰ্ঘেৰিটা-লিডু-বৰগোলাই জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাই পথ শীঘ্ৰে নিমাৰ্ণ কৰা, মাৰ্ঘেৰিটা মহকুমাৰ গাঁও সমূহত বৃদ্ধি পোৱা ড্ৰাগছ, কানিৰ অবৈধ ৰমৰমীয়া বেহা বন্ধ কৰা, মাৰ্ঘেৰিটাৰ বিকল হৈ থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনি পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায়।

Related News