NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত আবকাৰী বিভাগৰ তালাচীত হেৰ’ইনসহ আটক যুৱকক

Posted by: মানস প্ৰতিম গগৈ August 4, 2018 7:26 pm
মাৰ্ঘেৰিটাত আবকাৰী বিভাগৰ তালাচীত হেৰ’ইনসহ আটক যুৱকক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আৱকাৰী বিভাগে সেনা বাহিনীৰ সহযোগত অভিযান চলাই হেৰ’ইনসহ এজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি মাৰ্ঘেৰিটা আৱকাৰী বিভাগৰ উপ অধীক্ষক সোনামনি সিংহৰ নেতৃত্বত যোৱা এটা আৱকাৰী দল আৰু ডিগবৈস্থিত ৩ নং গাড়োৱাল ৰাইফলছৰ মেজৰ আশীষ পাণ্ডেৰ নেতৃত্বত থকা এটা সেনাৰ দলৰ সৈতে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায়।

আৰু এই তালাচী কালতে লক্ষীজ্যোতি গগৈ নামৰ  স্কুটিৰে আহি থকা এজন যুৱকৰ পকেটৰ পৰা ২৫ গ্ৰাম হেৰ’ইন সহ কৰায়ত্ত কৰাৰ লগতে নগদ ৭৯০ টকা, এটা ম’বাইল, এখন ড্ৰাইভিং লাইচেন্স জব্দ কৰে।

পাছত আবকাৰী বিভাগে যুৱকজনক হেৰ’ইনসহ কৰায়ত্ত কৰি এন ডি পি এছ  ২১(বি)ৰ ধাৰাৰ অধীনত এক গোছৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।