NORTHEAST NOW (Assamese)
অসম

মাৰ্চৰ ভিতৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ লাইকা-দধিয়াবাসীৰ

Posted by: এন ই নাও নিউজ February 26, 2018 10:03 am
dibru-saikhowa

তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ লাইকা-দধিয়াবাসীক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাৰ্চ মাহৰ ভিতৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে ৰাজ্যখনৰ মিচিং অধ্যুষিত অঞ্চলত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে।

প্ৰাপ্ত তথ্য মতে দেওবাৰে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম তিনিচুকীয়াত উপস্থিত হৈ লাইকা-দধিয়া বনগাঁওবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো সন্দৰ্ভত তিনিচুকীয়াৰ বৰগুৰিত টি এম পি কেৰ প্ৰতিনিধি আৰু লাইকা-দধিয়াবাসীৰ সৈতে এক আলোচনাত মিলিত হয়।

আলোচনাকালত পূৰ্বতে দিয়া আশ্বাসৰ দৰে শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি কয় যদিও বন মন্ত্ৰী গৰাকীয়ে স্পষ্টভাৱে সময়সীমাৰ কথা উল্লেখ কৰিব নোৱাৰাত লাইকা-দধিয়াবাসী ক্ষোভিত হৈ পৰে।

বন মন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হ’ব নোৱাৰা লাইকা-দধিয়াবাসীয়ে তেওঁলোকক অহা মাৰ্চ মাহৰ ভিতৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়াৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ মিচিং অধ্যুষিত অঞ্চলসমূহত প্ৰবল আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে বান-খহনীয়াত সৰ্বস্বান্ত লাইকা-দধিয়াৰ প্ৰায় ২০০ টা পৰিয়ালে ডিগবৈ সংমণ্ডলৰ অধীনৰ লক্ষীপথাৰ, পেঙেৰীৰ তৰাণি সংৰক্ষিত বনাঞ্চলত সংস্থাপিত হ’বলৈ যাওঁতে অঞ্চলবিলাকৰ স্থানীয় ৰাইজৰ সৈতে তীব্ৰ সংঘাতত লিপ্ত হৈছিল। তেনে পৰিস্থিতিৰ মাজতে বন মন্ত্ৰী গৰাকীয়ে প্ৰমীলাৰাণী ব্ৰহ্মই লাইকা-দধিয়াবাসীক ৬ মাহৰ ভিতৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ কথা কৈ আজি ৮ মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে লাইকা-দধিয়াবাসী।