NORTHEAST NOW (Assamese)
অসম

‘মিঃ য়ুনিভাৰ্ছ’ত ৰূপৰ পদক বিজয়ী ছৰিফুল শইকীয়াক নগাঁৱত উষ্ম আদৰণি

Posted by: মিণ্টু দাস July 5, 2018 4:28 pm
91115312-3752-4762-a081-b883b45bf909

১ জুলাইত ছিংগাপুৰৰ জক’ চহৰত ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন (World Fitness Federation) য়ে আয়োজন কৰা মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ৰাজ্যবাসীৰ লগতে দেশবাসীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নগাঁৱৰ শৰীৰ চৰ্চাবিদ ছৰিফুল শইকীয়াৰ সফলতাই উৎফুল্লিত কৰি তুলিছে নগাঁওবাসী ৰাইজক ৷

৪ জুলাই অৰ্থাৎ বুধবাৰে ছিংগাপুৰৰ পৰা গৃহভূমি নগাঁৱত প্ৰত্যাৱৰ্তন কৰাৰ পিছতে ছৰিফুলক উষ্ম আদৰণি জনাই নগাঁও চহৰত এক শোভাযাত্ৰা বাহিৰ কৰে ৷

মিঃ য়ুনিভাৰ্ছ খিতাপ দখলৰ বাবে বিশ্বৰ মুঠ ২৯খন দেশৰ পাঁচ শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত নিজৰ দক্ষতা প্ৰদৰ্শনেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ছৰিফুল ৷

dce21b12-a505-4d1e-bd5f-0e90bbc76d50

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেইবাটাও খিতাপৰ লগতে মিষ্টাৰ এছিয়া পেছিফিক সন্মান কঢ়িয়াবলৈ সক্ষম হৈছিল নগাঁৱৰ ছৰিফুল শইকীয়াই৷ ছিংগাপুৰৰ কলং থিয়েটাৰত অনুষ্ঠিত হোৱা এছিয়া পেচিফিক প্ৰ’ এম চেম্পিয়নশ্বিপৰ ৮০ ৰ পৰা ৯০ কেজিৰ শাখাত এই খিতাপ আজুৰি আনিছিল ছৰিফুলে৷

কেৱল এয়াই নহয় ইয়াৰ পূৰ্বে ছৰিফুলে দুবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ আৰু তিনিবাৰকৈ মিষ্টাৰ আছাম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ ২০১৭ চনৰ ডিচেম্বৰ মাহত পঞ্জাৱত অনুষ্ঠিত হোৱা মিষ্টাৰ ইণ্ডিয়া বডি বিল্ডিং চেম্পিয়নশ্বিপত ছৰিফুলে অংশগ্ৰহণ কৰি সাফল্য লাভ কৰিছিল৷

নগাঁও জিলাৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ ছৰিফুল আলম শইকীয়াই ইতিমধ্যে মিঃ ইণ্ডিয়া আৰু মিঃ এচিয়া খিতাপ জয়েৰে নগাঁও তথা সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনি থৈছে।