NORTHEAST NOW (Assamese)

মিজোৰামাত ড্ৰাগছসহ ম্যানমাৰৰ যুৱকক আটক

December 15, 2017 4:53 pm · এন ই নাও নিউজ

মিজোৰামত এজন ম্যানমাৰৰ নাগৰিক গ্ৰেপ্তাৰ হোৱা ঘটনাই অঞ্চলটোত এক মৃদ্যু চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে আটকাধীন যুৱকজন ম্যানমাৰৰ তামু অঞ্চলৰ লেনপু (২৮) বুল চিনাক্ত কৰা হৈছে। ১৪ ডিচেম্বৰত মিজোৰামৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা লেনপুয়ে মিজোৰামত বহু দিন ধিৰ ড্ৰাগছ তথা অন্য নিচা জাতীয় সামগ্ৰীৰ গোপন ব্যৱসায় চলাই আহিছিল। আটকাধীন লেনপুক আৰক্ষীয়ে পিছত মিজোৰামৰ ছানপাই জিলাৰ এখন আদালতত হাজিৰ কৰায়। আদালতে অপৰাধীজনক   ১৫ বছৰ কাৰাদণ্ড বিহাৰ লগতে এক  লাখ টকাৰ জৰিমনা ভৰিবলে নিৰ্দেশ দিয়ে। উক্ত ধন দিব নোৱাৰিলে লেনপুৱে অতিৰিক্ত এবছৰ কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায় দিয়ে। আনহাতে লেনপুৰক ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই মিজোৰাম তথা উত্তৰ-পূৰ্বাঞ্চলত যে ড্ৰাগছৰ লগতে অন্যান্য নিচা জাতীয় সামগ্ৰীৰ চোৰাং বেহাৰ এক ৰমৰমীয়া  ব্যৱসায় চলি আছে তাকে প্ৰমাণ কৰে।

 

 

Related News