NORTHEAST NOW (Assamese)

মিজোৰামৰ ছাত্ৰ সংগঠনে ধ্বংস কৰিলে অসম পুলিচৰ শিবিৰ

March 5, 2018 10:09 am · এন ই নাও নিউজ

অসম-মিজোৰাম সীমান্তৰ কলাছিবৰ বাইৰবিত মিজৰোমাৰ ছাত্ৰ ইউনিয়নৰ সদস্যই অসম পুলিচৰ তালাচী চকী আৰু সেনাবাহিনীৰ শিবিৰ ভাঙি চূড়মাৰ কৰে।

প্ৰাপ্ত তথ্য মতে মিজোৰাম ছাত্ৰ সংগঠনটোৱে অসম-মিজোৰাম সীমান্তত থকা নিৰাপত্ত বাহিনীৰ এই অস্থায়ী শিবিৰটো মিজোৰামৰ মাটিত নিৰ্মাণ কৰাৰ বাবে ভাঙি পেলোৱা বুলি দাবী কৰে।

মিজোৰাম ছাত্ৰ সংগঠনটোৰ সদস্যই উল্লেখ কৰা মতে তেওঁলোকে স্থানীয় ৰাইজৰ পৰা অসম পুলিচে মিজোৰামৰ মাটিত তালাচী চকী আৰু শিবিৰ নিৰ্মাণ কৰা বুলি খবৰ লাভ কৰি উক্ত কাৰ্যসূচী গ্ৰহণ কৰে।  কাৰ্যসূচীটো সংগঠনটোৰ সভাপতিৰ নেতৃত্বত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে মিজোৰাম জিলা প’লে উক্ত অঞ্চলত জিৰণি গৃহ নিৰ্মাণ কৰিছিল যদিও পিছত অসম পুলিচ আৰু অসম বন বিভাগে উক্ত জিৰণি গৃহ ভাঙি পেলাইছিল।

মিজোৰমা জিলা প’লে দাবী কৰা মতে অসম পুলিচৰ তালাচী চকী স্থাপন কৰা উক্ত ঠাইখিনি মিজোৰামৰ প্ৰাক্তন মুখ্য মন্ত্ৰী চি এইচ চুংগাৰ পত্নী লালৰ’ঠাংগিৰ আছিল। উক্ত ঠাইখিনি জিৰণি গৃহ নিৰ্মাণৰ বাবে তেওঁলোকক দান কৰা হৈছিল।

লগতে তেওঁলোকে দাবী কৰে যে বৰ্তমান উক্ত ভূমিখিনি সংৰক্ষিত বনাঞ্চলৰ অধীনত অসম চৰকাৰৰ অধীনত আছে।

মিজোৰাম জিলা প’লৰ সভাপতি এল ৰামদিনলিয়ানা ৰেনথলিয়ে কয় যে তেওঁলোকে উক্ত অঞ্চলত অসম চৰকাৰৰ বিৰোধিতা স্বত্তেও জিৰণি গৃহ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে তেওঁ কয় যে উক্ত অঞ্চলটো প্ৰকৃততে মিজোৰামৰ হোৱা বাবে তেওঁলোকৰ উক্ত অঞ্চলট জিৰণি গৃহ নিৰ্মাণ কৰিব পাৰিব।

Related News