NORTHEAST NOW (Assamese)
অসম

মুক্তিৰ বাবে সাজু উত্তৰ-পূৰ্বাঞ্চলৰ ডেনী ডেনজংপা, গীতাঞ্জলি থাপা আৰু আদিল হুছেইন অভিনীত ‘বায়’স্কোপৱালা’

Posted by: এন ই নাও নিউজ May 12, 2018 9:55 am
B-1-570x320

ডেনী ডেনজংপা, গীতাঞ্জলি থাপা, টিস্কা চোপ্ৰা আৰু আদিল হুছেইন অভিনীত দেব মেধেকাৰৰ ছবি ‘বায়’স্কোপৱালা’ অহা ২৫ মে’ত মুক্তিৰ বাবে সাজু হৈ উঠিছে।

এই চলচ্চিত্ৰখনৰ কাহিনীভাগ লোৱা হৈছে ১৮৯২ চনৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্প ‘কাবুলীৱালা’ৰ পৰা।

বায়’স্কোপৱালাত মিনি বাসুৱে (গীতাঞ্জলি থাপা) এক বিমান দুৰ্ঘটনাত তাইৰ দেউতাকৰ মৃত্যু হোৱাৰ পিছত শৈশৱৰ স্মৃতি ৰোমন্থন কৰাৰ চেষ্টা কৰে।

এই প্ৰচেষ্টাৰ সময়তে তাই মৃত দেউতাকৰ পুৰণি বন্ধু (ডেনী)ক মনত পেলায় যিয়ে শৈশৱত তাই ভাল পোৱা এক বায়’স্কোপ প্ৰদৰ্শনী চলাইছিল।

এই ক্ষেত্ৰত মিনিয়ে বায়’স্কোপৱালাৰ ছোৱালীজনী যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ ক’ত আছে বিচাৰি উলিওৱাৰ প্ৰয়াস চলায়। ‘’ মোৰ জীৱনত এনেকুৱা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মানুহজনৰ কি ঘটিল সেইটো মোৰ প্ৰতিটো খোজৰ মুহূৰ্ততে বিচাৰি ফুৰো,’’-ছবিখনৰ অলপতে প্ৰকাশ পোৱা ট্ৰেইলাৰত মিনিয়ে এনেদৰে ঘোষণা কৰিছে।

ছিকিমৰ ডেনী ডেনজেংপা, গীতাঞ্জলি থাপা আৰু অসমৰ আদিল হুছেইনৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকীও শিল্পীয়ে অভিনয় কৰিছে চলচ্চিত্ৰখনত।

ৰবীন্দ্ৰনাথৰ কাবুলীৱালাত কলকাতাৰ এজনী পাঁচ বছৰীয়া ছোৱালীৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠা শুকান ফলৰ ব্যৱসায়ীৰ কাহিনী বৰ্ণিত হৈছে। কিয়নো ছোৱালীজনীয়ে তেওঁৰ কাবুলত থকা নিজৰ ছোৱালীজনীৰ কথা সোঁৱৰাই দিছিল।

ছবিখনৰ ট্ৰেইলাৰ চাওক-