NORTHEAST NOW (Assamese)
অৰুণাচল

মুম্বাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত উৎপল বৰপূজাৰীৰ যুদ্ধ বিষয়ক তথ্যচিত্ৰৰ বিশেষ প্ৰদৰ্শনী

Posted by: এন ই নাও নিউজ January 23, 2018 10:23 am

দিল্লীস্থিত অসমৰ চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ ‘মেম’ৰিজ অফ এ ফৰগ’টেন ৱাৰ’ ১৫ তম মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অহা ৩১ জানুৱাৰিত বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

জুকটোৰ বেনাৰৰ অধীনত সুবিমল ভট্টাচাৰ্যই প্ৰযোজনা কৰা তথ্যচিত্ৰখনত দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহ সময়ছোৱাত ১৯৪৪ চনৰ ব্ৰিটিছ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশত হোৱা যুদ্ধৰ কাহিনী দাঙি ধৰা হৈছে।

তথ্যচিত্ৰখনে সেই সময়ৰ যুদ্ধকালীন দিনবোৰলৈ উভতাই নিয়ে যেতিয়া জাপানী সেনা বাহিনীয়ে তেতিয়া ব্ৰিটিছৰ অধীনত থকা বাৰ্মাৰ পৰা ভাৰতৰ উত্তৰ-পূব অংশলৈ আগবাঢ়ি আহে আৰু কোহিমা আৰু ইম্ফলৰ যুদ্ধত মিত্ৰ বাহিনীৰ হাতত পৰাস্ত হৈ পিছহুহকিবলৈ বাধ্য হয়।

এই হিংসাৰ সময়ত প্ৰায় ১৬৮,০০০ লোক মৃত্যুমুখত পৰে। ইয়াৰ ভিতৰত জাপান বাহিনীৰ সংখ্যাই সৰহ আছিল আৰু মেলেৰিয়া আৰু কলেৰা ৰোগ যুদ্ধতকৈয়ো অধিক ঘাতক হৈ পৰিছিল।

যুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট কেইগৰাকীমান ব্যক্তিৰ সৈতে পৰিচালক আৰু প্ৰযোজকক দেখা গৈছে।

দ্বিতীয় বিশ্বযুদ্ধত পৰাজিত হোৱাটো মিত্ৰ বাহিনীৰ বাবে আছিল এক নিৰ্ণায়ক মুহূৰ্ত।

১০৯ মিনিট জোৰা তথ্যচিত্ৰখনে ইম্ফলক কেন্দ্ৰ কৰি সংঘটিত বহু দিশ উন্মোচিত কৰিছে। এই যুদ্ধত ভাৰতীয় সেনাই দুয়োপক্ষৰ হৈ যুদ্ধত অৱতীৰ্ণ  হৈছিল। সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বৰ ভাৰতীয়া জাতীয় সেনা (আইএনএ)ই জাপানৰ পক্ষত অৱস্থান কৰিছিল। মিত্ৰ বাহিনী আছিল বিভিন্ন জাতীয়তাৰ সমাহাৰেৰে গঠিত এক সন্মিলিত শক্তি।

২০১৪ চনৰ পৰা  প্ৰায় আঢ়ৈ বছৰ ধৰি তথ্যচিত্ৰখনৰ বাবে দিল্লী, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, জাপান আৰু ব্ৰিটেইনত চিত্ৰগ্ৰহণ কৰা হৈছিল।  যুদ্ধত অংশ লোৱা ব্যক্তিৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি যুদ্ধখনৰ সময়ছোৱাত স্থানীয় লোকৰ অভিজ্ঞতালৈকে সন্নিৱিষ্ট কৰি ছবিখনে মানৱ সভ্যতাৰ গতি সলনি কৰা নিৰ্ণায়ক যুদ্ধখনৰ বিষয়ে মানবীয় দৃষ্টিভংগীৰে উপস্থাপন কৰিছে।

বৰপূজাৰীয়ে তেওঁৰ তথ্যচিত্ৰখনত লগতে বিশ্বৰ আগত দাঙি ধৰিছে কেনেকৈ মণিপুৰ আৰু নাগালেণ্ডৰ দৰে অঞ্চলত এতিয়াও সেই যুদ্ধৰ স্মৃতি ধৰি ৰখা হৈছে।

২০১৫ চনত অৰুমাচল প্ৰদেশৰ এখন পাহাৰতলিৰ পৰা উদ্ধাৰ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিধ্বস্ত আমেৰিকান বিমানৰ ভগ্নাংশৰ দৃশ্যৰে তথ্যচিত্ৰখনৰ সামৰণি মৰা হৈছে।