NORTHEAST NOW (Assamese)
অসম

মূৰ্তি ভঙাত জৰিতসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা : প্ৰধান মন্ত্ৰী মোদী

Posted by: ৰাজীব ৰয় March 7, 2018 10:17 pm
’19 LS election: Man dies while preparing for PM Modi rally in Assam’s Silchar

ত্ৰিপুৰাত লেনিনৰ মূৰ্তি ভঙাৰ পিছৰে পৰা দেশজুৰি হোৱা প্ৰতিক্ৰিয়া আৰু অন্যান্য কিছু ঠাইতো বিভিন্ন নেতাৰ মূৰ্তি ক্ষতিসাধনৰ ঘটনা ঘটাৰ পিছত আজি বুধবাৰে ইয়াৰ বিৰুদ্ধে মাত মাতিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এনে ঘটনাত জৰিতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আজি প্ৰধান মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

এই ঘটনাসমূহক প্ৰধান মন্ত্ৰীগৰাকীয়ে তীব্ৰভাৱে গৰিহণা দিছে আৰু এই সন্দৰ্ভত তেওঁ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতি এনে ঘটনাৰ প্ৰতি তেওঁৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে বিজেপি সভাপতি অমিত শ্বাহে ‘এনে ঘটনাত দলৰ কোনো কৰ্মী দোষী সাব্যস্ত হ’লে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব’ বুলি কৈছিল।

ত্ৰিপুৰাত বিজেপি সমৰ্থকে কমিউনিষ্ট আইকন লেনিনৰ মূৰ্তি ভঙাৰ পিছত তামিলনাডুত দুৰ্বৃত্তই তামিল আইকন পেৰিয়াৰৰ এটা মূৰ্তি ভাঙিছিল আৰু ক’লকাতাত বিজেপি আইকন শ্যামাপ্ৰসাদ মুখাৰ্জীৰ এটা মূৰ্তিত বাওঁ ছাত্ৰ সংগঠনে ৰং সনা বুলি অভিযোগ উঠিছিল।

আনহাতে উত্তৰ প্ৰদেশৰ মীৰাতত আম্বেদকাৰৰ এটা মূৰ্তিও ভঙা বুলি বাতৰি প্ৰচাৰিত হৈছিল।

দিল্লী, মুম্বাইৰ লগতে ভাৰতৰ কিছুমান ৰাজ্যত মূৰ্তিসমূহৰ কাষত নিৰাপত্তা বঢ়াই তোলা হৈছে বুলি বিভাগীয় সূত্ৰই সদৰী কৰিছে।