NORTHEAST NOW (Assamese)

মৃত্যু বাৰ্ষিকীত বিজেপি, তৃণমূলে সুঁৱৰিলে প্ৰাক্তন কমিউনিষ্ট নেতা নৃপেন চক্ৰৱৰ্তীক

December 26, 2017 10:46 pm · এন ই নাও নিউজ

ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত  চি পি আই(এম)এ প্ৰখ্যাত বামপন্থী নেতা নৃপেন চক্ৰবৰ্তীক অৱজ্ঞা কৰা বুলি বি জে পি তথা তৃণমূল কংগ্ৰেছে মঙলবাৰে শাসনাধিষ্ঠিত দলটোক তীব্ৰ সমালোচনা কৰে। জানিব পৰা মতে দুয়োটা বিৰোধী দলে মঙলবাৰে প্ৰবীন কমিউনিষ্ট নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী জনৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰে। উল্লেখযোগ্য যে ২০০৪ চনৰ ২৫ ডিচেম্বৰত কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰা চক্ৰৱৰ্তীয়ে ১৯৭৮ৰ পৰা ১৯৮৮ চনলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ পালন কৰিছিল।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ ভূমিকা তথা ত্যাগক বৰ্তমানৰ চি পি আই(এম) দলে পাহৰি পেলাইছে বুলি অভিযোগ কৰি বি জে পি ৰাজ্যিক গোটৰ সভাপতি বিপ্লৱ কুমাৰ দেৱে কয় ‘ এয়া অতি দুখৰ কথা যে ত্ৰিপুৰাত চি পি আই(এম) ৰ উন্নতিৰ ক্ষেত্ৰত চক্ৰৱৰ্তীয়ে কৰা ত্যাগক দলটোৱে সম্পূৰ্ণ পাহৰি পেলাইছে।’ দল-মত নিৰ্বিশেষে ত্ৰিপুৰাৰ সকলো লোকেই নৃপেন চক্ৰৱৰ্তীক স্মৰন কৰা উচিত বুলি মন্তব্য কৰি দেৱে আৰু কয়- ‘তেওঁ (চক্ৰৱৰ্তী) সঁচা অৰ্থত কেৱল এজন প্ৰকৃত কমিউনিষ্টেই নাছিল বৰং তেওঁ ভাৰতৰ সমগ্ৰ বামপন্থী আণ্দোলনটোৰ বাবেই এক দৃষ্টান্ত স্থাপন কৰিছিল।’

আনহাতে সোমবাৰে আগৰতলাস্থিত দলৰ মুখ্য কাৰ্যালয়ত নৃপেন চক্ৰৱৰ্তীৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হৈছিল বুলি জানিবলৈ দি  তৃণমূল কংগ্ৰছৰ ৰাজ্যিক আহবায়ক আশিস লাল সিংহই  কয় ‘ আচৰিত কথা যে চি পি আই(এম) দলে মহান নেতা জনক সুঁৱৰিবলৈ একো কাৰ্যসুচীয়ে গ্ৰহণ নকৰিলে।’

Related News