NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ মাউকাৰৱাটত কনিষ্টবলৰ গুলীত নিহত সহকাৰী কমাণ্ডেণ্ট

Posted by: এন ই নাও নিউজ February 25, 2018 7:20 pm
মেঘালয়ৰ

দেওবাৰে মেঘালয়ৰ মাউকাৰৱাটৰ ক্ষুদ্ৰ সচিবালয়ত বি-৬ ইউ আই ডি ৮১২ নং আৰ পি এফৰ এজন সহকাৰী কমাণ্ডেণ্টক দিনৰ প্ৰায় ১১-৩০ বজাত এজন কনিষ্টবলে গুলীয়াই হত্যা কৰে।

প্ৰাপ্ত তথ্য মতে কনিষ্টবল অৰ্জুন দেচৱালে নিজৰ এ কে ৪৭ ৰাইফলেৰে নিৰ্বাচনী দিউটিত থকা সহকাৰী কমাণ্ডেণ্ট মুকেশ চি ত্যাগিক গুলীয়াই হত্যা কৰে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে সেনা বাহিনীৰ বিষয়া সকলৰ মাজত এক হতাহতি পৰিৱেশৰ সৃষ্টি হয় য’ত যোগেন্দৰ কুমাৰ নামৰ আন এজন কনিষ্টবল আঘাতপ্ৰাপ্ত হয়। পিছত তেওঁক চিকিৎসাৰ বাবে নেইগ্ৰিমচলৈ প্ৰেৰণ কৰা হয়। তাৰোপৰি আৰক্ষী পৰিদৰ্শক প্ৰদীপ মিনা আৰু উপ আৰক্ষী পৰিদৰ্শক অ’ম প্ৰকাশ য়াদৱো কম পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক হাৰ্বাৰ্ট জি লিয়াংদহে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে অভিযুক্ত কনিষ্টবল অৰ্জুন দেচৱালক গ্ৰেপ্তাৰ কৰাৰ লগতে অৰ্জুনৰ চাৰ্ভিচ ৰাইফলটোও জব্দ কৰা হয়। লগেত আৰক্ষী অধীক্ষক জনে মৃত কমাণ্ডেট মুকেশ চি ত্যাগিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বিলঙৰ নেইগ্ৰীমচলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। আন এক সূত্ৰৰ পৰা জানিব পৰা মতে কনিষ্টবল অৰ্জুন দেচৱালে কমাণ্ডেণ্টজনৰ দেহত মুঠ ১৩ টা গুলী মাৰিছিল।