মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ৫৭জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা
নিৰ্বাচন অভিমুখী মেঘালয়ত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে আজি ৬০ জনীয়া মেঘালয় বিধানসভা নিৰ্বাচনত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া ৫৭জন প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰে। বৰ্তমাৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
তালিকাখন আজি নতুন দিল্লীত ঘোষণা কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ দায়িত্বত থকা অস্কাৰ ফাৰ্নাণ্ডেজে।
উল্লেখযোগ্য যে তালিকাখনত তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। প্ৰাৰ্থীৰ নাম ঘোষণা নকৰা সমষ্টিকেইটা হৈছে- পূব জয়ন্তীয়া পাহাৰৰ খেলেইৰিয়াত আৰু শ্বিলং চহৰৰ দুটা সমষ্টি ক্ৰমে দক্ষিণ শ্বিলং আৰু পিনথোৰুমখ্ৰা। ইয়াৰে পিনথোৰুমখ্ৰা সমষ্টিটোৰ পৰা দলটোৰ হৈ যোৱা নিৰ্বাচনত জয়ী হৈছিল এ এল হেক, যিজনে এতিয়া বিজেপিত যোগদান কৰিলে।
আনহাতে মুখ্য মন্ত্ৰী মুকুল চাংমাই তেওঁৰ গৃহ সমষ্টি আমপাতিৰ লগতে বিৰোধী দল এন পি পিৰ বিধায়ক নিহিম ডি শিৰাই প্ৰতিনিধিত্ব কৰি থকা ছংচাক সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব।
তালিকাখনত মুখ ছগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে।