NORTHEAST NOW (Assamese)
অসম

মেজৰ লিটুল গগৈৰ বাবে নতুন সংকট : গগৈয়ে ছোৱালীজনীৰ ঘৰত নিশা তালাচী চলোৱাৰ অভিযোগ মাতৃৰ

Posted by: এন ই নাও নিউজ May 25, 2018 8:09 am
Leetul-gogoi-570x320

জম্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে অলপতে শ্ৰীনগৰৰ এখন হোটেলৰ পৰা বিতৰ্কিত পৰিস্থিতিত সোধ-পোছৰ বাবে আটক কৰি নিয়া মেজৰ লিটুল গগৈৰ বাবে নতুন সংকটে দেখা দিছে।

বাতৰি অনুসৰি ভাৰতীয় সেনাৰ আন এগৰাকী সতীৰ্থৰ সৈতে গগৈক এখন হোটেলৰ পৰা এগৰাকী ছোৱালীৰ সৈতে আটক কৰা হৈছিল। হোটেলৰ কৰ্মীয়ে ছোৱালীগৰাকীক প্ৰৱেশত বাধা দিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

এতিয়া ছোৱালীজনীৰ মাকে দাবী কৰিছে যে গগৈয়ে তেওঁলোকৰ ঘৰত নিশাৰ ভাগত দুবাৰকৈ তালাচী চলাইছিল আৰু দুয়োবাৰেই তেওঁৰ লগত হোটেলত তেওঁলোকৰ লগত থকা সমীৰ আহেমদ নামৰ লোকজনে সংগ দিছিল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সমীৰ আহমেদ সেনা বিষয়াজনৰ লগতে আছিল।

আৰক্ষীয়ে ঘটনাৰ পিছদিনাখন লিটুল গগৈকে ধৰি দুজন লোকৰ সৈতে হোটেলৰ পৰা উত্তপ্ত বাক্-বিতণ্ডাৰ সময়ত পোৱা ছোৱালীজনীৰ মাকে দাবী কৰা মতে গগৈয়ে তেওঁলোকৰ ঘৰত নিশাৰ ভাগত এতিয়ালৈকে দুবাৰ তালাচী চলাইছিল আৰু প্ৰতিবাৰে তেওঁৰ লগত হোটেলত একেলগে থকা সমীৰ আহমেদ নামৰ লোকজন লগত আছিল। ৰাষ্ট্ৰীয় বাতৰিকাকত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা বাতৰিত এইদৰে প্ৰকাস পাইছে।

যোৱা বছৰ বাগডামত এগৰাকী অসামৰিক লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি কোবাখনো গাওঁ তেওঁৰ জীপত ঘুৰাই বাতৰিত চৰ্চাৰ মাজলৈ আহিছিল।

যোৱা বুধবাৰে গগৈ, আহমেদ আৰু মহিলাগৰাকীক আৰক্ষীয়ে হোটেল গ্ৰেণ্ড মমতাত ছোৱালীজনীক প্ৰৱেশত হোটেলৰ কৰ্মচাৰীয়ে বাধা দিয়াৰ পিছত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছত আটক কৰি থানালৈ আনি সোধ-পোছ কৰিছিল।

আৰক্ষীয়ে পিছত গগৈক তেওঁৰ সেনা গোটৰ হাতত গটাই দিছিল।

ছোৱালীজনীৰ মাকে দাবী কৰা মতে গগৈয়ে বুধবাৰৰ আগেয়ে দুদিনকৈ নিশা তেওঁলোকৰ ঘৰত গৈছিল।

মাক গৰাকীয়ে পিছত জানিব দিছিল যে তেওঁৰ ছোৱালীজনী এটা আত্ম সহায়ক গোটৰ সৈতে জড়িত।

অসমৰ এগৰাকী সেনা বিষয়া মেজৰ লিটুল গগৈয়ে যোৱা বছৰ শ্ৰীনগৰৰ বাগডামত স্থানীয় প্ৰতিবাদকাৰীসকলৰ গাঁৱৰ মাজেৰে তেওঁৰ জীপত এগৰাকী অসামৰিক লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি গাড়ী চলাই বাতৰিৰ শিৰোনাম দখল কৰিছিল।