NORTHEAST NOW (Assamese)
অসম

মেট্ৰিক, উঃ মাঃত ভাল ফল দেখুওৱা মাৰোৱাৰী ছাত্ৰ-ছাত্ৰীক হোজাইত সম্বৰ্ধনা মাৰোৱাৰী সংগঠনৰ

Posted by: নিখিল মুন্দ্ৰা June 5, 2018 5:40 pm
মেট্ৰিক, উঃ মাঃত ভাল ফল দেখুওৱা মাৰোৱাৰী ছাত্ৰ-ছাত্ৰীক হোজাইত সম্বৰ্ধনা মাৰোৱাৰী সংগঠনৰ

অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত হোজাইৰ মাৰোৱাৰী সম্প্ৰদায়ৰ ভাল ফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলক আজি ৫ জুনত মাৰোৱাৰী পঞ্চায়তী আৰু মাৰোৱাৰী সন্মিলনৰ হোজাই শাখাই সম্বৰ্ধনা জনায়।

হোজাইৰ জে কে কেদিয়া স্মৃতি ভৱনত আয়োজিত অনুষ্ঠানটোত মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ৰাজেন্দ্ৰ আগৰৱালাই কয় ‘আমি শিকাটো বন্ধ কৰিব নালাগে, কাৰণ শিক্ষা গ্ৰহণ এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া।’

তেওঁ লগতে কয় ‘সফলতা বা বিফলতাই আমাক জীৱনৰ লক্ষ্যৰ পৰা বিচ্যুত কৰা উচিত নহয়। ছাত্ৰ-ছাত্ৰীসকলে ধৈৰ্য্য আৰু ধাৰাৱাহিকতা ৰক্ষা কৰি কঠোৰ পৰিশ্ৰম চলাই যোৱা উচিত।’

অনুষ্ঠানটো পৰিচালনা কৰে ললিত বৰাই।