NORTHEAST NOW (Assamese)

ম্যানমৰাৰ পৰা প্ৰাণৰ শংকাত পলায়ন জনজাতীয় লোকৰ

December 1, 2017 4:37 pm · এন ই নাও নিউজ ব্যৰো:

যোৱা এসপ্তাহৰ পৰা ভাৰত-ম্যানমাৰ সীমান্তৰে ১৩০০ তকৈ অধিক ম্যানমাৰৰ জনজাতীয় লোক উত্তৰ-পূব সীমান্তৰে সুমুওৱা বুলি মিজোৰাম চৰকাৰে সন্দেহ কৰিছে। এই আশংকাৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানৱালাই প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়, গৃহ মন্ত্ৰ্যালয়ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। আইজলৰ পৰা ২৫০ কি.মি. আঁতৰৰ লঙটলাই জিলাত যোৱা শুক্ৰবাৰৰ পৰা চীন সম্প্ৰদায়ৰ ম্যানমাৰৰ বাসিন্দাসকলক আশ্ৰয় আৰু শুশ্ৰষা প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে আৰাকান সামৰিক বাহিনী আৰু ম্যানমাৰ সামৰিক বাহিনীৰ মাজত হোৱা গুলীয়াগুলীৰ ফলত বহুতো লোক প্ৰাণৰ আশংকাত কালাদান নদী পাৰ হৈ মিজোৰামত প্ৰৱেশ কৰাৰ চেষ্টা চলাই থকা বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিছে। মন কৰিবলগীয়া যে ভাৰত-ম্যানমাৰ সীমান্তত যৌথভাৱে অসম ৰাইফলছ আৰু ম্যানমাৰ সামৰিক বাহিনীয়ে সুৰক্ষা প্ৰদান কৰি আছে। লগতে কোনো অনুপ্ৰৱেশকাৰীক দেখিলেই কৰায়ত্ত কৰিব বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News