NORTHEAST NOW (Assamese)
মণিপুৰ

যিকোনো সময়তে নিজকে দেশৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু থাকিব লাগে: এন বিৰেন সিঙ

Posted by: এন ই নাও নিউজ December 17, 2017 9:51 am

১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ ফলত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিক সকলক বিজয় দিৱস উপলক্ষে শনিবাৰে ভাৰতবৰ্ষৰ লগতে মণিপুৰ বাসীয়েও শ্ৰদ্ধাৰে সোঁৱৰে। বেনকুৱেট হলত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙ, ডেপুটি মুখ্য মন্ত্ৰী ওৱাই জয়কুমাৰ সিঙ আৰু মণিপুৰৰ প্ৰথম বেটেলিয়ন ৰাইফলছৰ উপস্থিতিত  শ্বহীদ সকলক শ্ৰদ্ধাৰে সোঁৱৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত মণিপুৰ বাসীক সংগবদ্ধ ভাবে নিজৰ দেশ ৰক্ষাৰ স্বাৰ্থত নিজকে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। ‘যিকোনো সময়তে আমি নিজকে দেশৰ ঐক্যৰ হকে বলিদান দিবলৈ সাজু থাকিব লাগে’ বুলিও মন্তব্য কৰে। লগতে ভাষণ প্ৰসংগত কয় যদিহে ৰাষ্ট্ৰৰ সকলো নাগৰিকে একতা বজাই ৰাখে তেনেহলে দেশ তথা ৰাজ্যৰ যিকোনো সমস্যা অনায়াসে সমাধান কৰিব পৰা যায়। প্ৰৰোচনা মূলক কাৰ্য এৰাই চলাৰ উপৰি ৰাইজে সম অধিকাৰ সমূহ বজাই ৰাখিলে হে দেশৰ ঐক্য সংহতি বিঘ্নিত নহয়।

ৰাজ্যখনৰ শান্তি-শৃংখলা তথা চৰকাৰী কাৰ্যকাল নিয়াৰিকৈ  চলাই যোৱাত বৰ্তমান চৰকাৰ খন বদ্ধপৰিকৰ। এই সমূহ কাৰক বাহাল ৰাখিবলৈ মুখ্য মন্ত্ৰীজনে সকলো ৰাইজ তথা প্ৰশাসনক কাতৰ অনুৰোধ জনায়। আনহাতে ডেপুটি মুখ্য মন্ত্ৰীজনেও ১৯৭১ চনৰ যুদ্ধৰ কথা সুৱঁৰি  সৈনিক সকলক শ্ৰদ্ধাৰে সোৱঁৰে। এই যুদ্ধত ভাৰত জয়ী হোৱাৰ পিছত ভাৰত-পাকিস্তান সীমান্তত শান্তি-শৃংখলা ঘুৰি অহা বুলিও মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানত মন্ত্ৰী-বিধায়কৰ উপৰি পুলিচ প্ৰশাসনৰ বিভিন্ন বিষয়া উপস্থিত থাকে।