NORTHEAST NOW (Assamese)
অসম

যুৱ কংগ্ৰেছৰ প্ৰতিবাদত পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ মন্ত্ৰী অতুল বৰা

Posted by: বিদ্যুত জ্যোতি বৰা August 6, 2018 3:55 pm
f7774e74-7208-4f81-899b-d7d575ccff20

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়মুৰ-চাপানালা পথত পুৰণিগুদামবাসীয়ে ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আজি নগাঁও জিলাৰ পুৰণিগুদামত  কংগ্ৰছৰ সমৰ্থকে পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে বঢ়মপুৰ যুৱ কংগ্ৰেছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ লগতে বিভিন্ন গ্ৰাম্য পথ মেৰামতি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ক্ষোভ ব্যক্ত কৰি ৰাজ্য চৰকাৰখন বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে সেই সময়তে গোলাঘাটৰ পৰা নগাঁও হৈ গুৱাহাটী অভিমুখে আহি থকা অগপ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয় ৰাষ্ট্ৰীয় পথত আবদ্ধ হৈ পৰে। যাৰ ফলত গাড়ীৰ ভিতৰত বহি থকা অতুল বৰাই গাড়ীৰ পৰা নামি আহিবলৈ বাধ্য হয়।

গাড়ীৰ মাজে মাজে খোজকাঢ়ি আহি অতুল বৰাই প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে মুখামুখী হয়। যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে মন্ত্ৰী গৰাকীক পুৰণিগুদাম-গড়মূৰ-চাপানালা সংযোগী পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনায়। সেই অনুসৰি মন্ত্ৰী গৰাকীয়ে শীঘ্ৰে পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে।

364ccc96-f683-43cc-9d1f-5f8f2f9dc69c

আনহাতে কৃষি মন্ত্ৰী বৰাই নীপকোৱে এৰি দিয়া পানীয়ে গোলাঘাট জিলাত কৰা বিস্তৰ ক্ষতি সাধনৰ সমগ্ৰ ক্ষতিপূৰণ দিব লাগিব বুলি স্পষ্টৰূপত উল্লেখ কৰে। কোনো আগ জাননী নিদিয়াকৈ নীপকোৱে পানী এৰাৰ বাবে দিশহাৰা পৰিয়ালসমূহক ক্ষতিপূৰণ দিবই লাগিব বুলি মন্তব্য কৰে।

আনহাতে এই সুযোগতে প্ৰতিবাদকাৰী সকলে মন্ত্ৰী অতুল বৰাৰ জৰিয়তে পথ মেৰামতিৰ দাবীত মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে, সৰ্বসাধাৰণৰ এখন চৰকাৰ থকাৰ পাছতো গ্ৰাম্য এলেকাৰ গুৰুত্বপূৰ্ণ পথ সমূহৰ উন্নয়ন নোহোৱাত এতিয়া ৰাইজ অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে।