NORTHEAST NOW (Assamese)
অসম

যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগক সম্বৰ্দ্ধনা জনালে অসমৰ ৰাজ্যপালে

Posted by: এন ই নাও নিউজ February 20, 2018 10:33 am
guv-felicitates-Ryan-Parag-1-570x320

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰাজ্যখনৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগক সোমবাৰে গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। অলপতে ১৯ অনুৰ্দ্ধৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আগবঢ়োৱা প্ৰদৰ্শনকে ধৰি শেহতীয়াকৈ আন্তৰ্জাতিক ক্ৰিকেটত প্ৰদৰ্শন কৰা খেলৰ স্বীকৃতি হিচাপে তেওঁক এই সম্বৰ্দ্ধনা জনোৱা হয়।

ৰাজ্যপাল মুখীয়ে তেওঁক এটা স্মাৰক প্ৰদান কৰে আৰু অষ্ট্ৰেলিয়াক পৰাজিত কৰি ১৯ অনুৰ্দ্ধৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ বিজয়ৰ যাত্ৰাপথত তেওঁৰ ভূমিকাৰ বাবে অভিনন্দন জনায়।

ৰাজ্যপাল গৰাকীয়ে লগতে ছেমি ফাইনেলত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে দুটা উইকেট দখল কৰি বিজয়ত অৰিহনা যোগোৱাৰ লগতে ভাৰতৰ ফাইনেলত প্ৰৱেশৰ পথো প্ৰশস্ত কৰাত লোৱা ভূমিকাৰ বাবে তেওঁৰ শলাগ লয়।

guv-felicitates-Ryan-Parag-2-300x200

অধ্যাপক মুখীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ প্ৰতিযোগিতাৰ প্ৰতি ৰিয়ানৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁৰ প্ৰদৰ্শন সৰ্বোচ্চ শিখৰলৈ নিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ আহ্বান জনায় আৰু ৰাজ্যখনৰ লগতে দেশৰ বাবেও সন্মান কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে।

ৰিয়ানৰ লগতে অনুষ্ঠানত উপস্থিত আছিল তেওঁৰ পিতৃ এগৰাকী প্ৰাক্তন ৰঞ্জী ক্ৰিকেটৰ পৰাগ দাস আৰু মাতৃ সাতোঁৰত ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী মিঠু বৰুৱা।

উল্লেখযোগ্য যে ৰিয়ান পৰাগে ২০১৩ চনত ১১ বছৰ ৯ মাহ বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিছিল।

২০১৭ৰ জুলাইত ৰিয়ানৰ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল। সেইবাৰ ১৯ অনুৰ্দ্ধৰ ভাৰতীয় দলৰ সৈতে তেওঁ ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ সুযোগ লাভ কৰিছিল।

উক্ত শৃংখলাটোত ৰিয়ানে চাৰিটা ইনিংছত তিনিটা অৰ্দ্ধ শতকেৰে দ্বিতীয় সৰ্বোচ্চ ৰাণ সংগ্ৰহ কৰিছিল।