NORTHEAST NOW (Assamese)

যোগ্যতা থকাৰ পিছতো উত্তৰ পূব সীমান্ত ৰে’লৱে’ত স্থানীয় নিবনুৱাই নিযুক্তি নোপোৱাৰ অভিযোগ

February 10, 2018 4:21 pm · কল্পজ্যোতি শইকীয়া
সংবাদমেল

উত্তৰ পূব সীমান্ত ৰে’লৱে’ত অঞ্চলটোৰ স্থানীয় নিবনুৱাসকলে যোগ্যতা থকাৰ পিছতো নিযুক্তি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে।

আজি গুৱাহাটী প্ৰে’ছ ক্লাবত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে নিখিল ভাৰত অনুসূচিত জাতি/ জনজাতি ৰে’লৱে’ কৰ্মচাৰী সংস্থাৰ উত্তৰ পূবৰ সীমান্ত মণ্ডলৰ সম্পাদক তাৰিনী চৰণ দাসে।

তেওঁ কয়, ‘বৰ্তমান উত্তৰ পূব ৰে’লৱে’ত বহিৰাজ্যৰ যুৱকসকলক বেছিকৈ নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে স্থানীয় যুৱকসকলে যোগ্যতা থকা সত্বেও চাকৰি পোৱাৰ পৰা বঞ্চিত হৈছে।’

উত্তৰ-পূব ৰে’লৱে’ত প্ৰায় ১০,০০০ গৰাকী অৰ্থাৎ ৭০ শতাংশ মান বহিৰাগত কৰ্মচাৰীয়ে চাকৰি কৰি আছে বুলি দাসে সদৰী কৰে।

তেওঁ বহিৰাজ্যৰ চাকৰিয়ালসকলক তেওঁলোকৰ নিজ ৰাজ্যত নিযুক্তি দিবৰ বাবে আহ্বান জনোৱাৰ লগতে এই পদসমূহত থলুৱা লোক সকলক নিযুক্তি দিয়াৰ দাবী জনায়।

তেওঁ অভিযোগ কৰে যে এই সন্দৰ্ভত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক ‘স্মাৰক পত্ৰ দিয়াৰ পিছতো বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।’

‘২০০৩ চনলৈকে সঠিকভাৱেই নিয়োগ প্ৰক্ৰিয়া চলি আছিল’ বুলি উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে তাৰ পিছৰে পৰা বিভাগটোৰ নিয়োগ প্ৰক্ৰিয়াত খেলি-মেলি হ’বলৈ ধৰিলে।

তেওঁ লগতে অভিযোগ কৰে যে ২০১৩ চনৰ পৰা উত্তৰ পূব ৰে’লৱে’ৰ প্ৰিমিয়াৰ সদস্য পি কে সিঙে তেওঁৰ সময়সীমা উকলি যোৱাৰ পিছতো বিভাগটোত থাকি লবি সৃষ্টি কৰিছে।

বিষয়াগৰাকীৰ ছত্ৰছায়াত ৰে’ল বিভাগত বহু অনিয়ম চলি আছে বুলিও তেওঁ গুৰুতৰ অভিযোগ তোলে।

Related News